নগাঁও,১২মাৰ্চ: নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰাঙলু গড়েহাগী আৰু জুমুৰমুৰ সংযোগী পথটোৱে জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজক । বিগত ৩০ বছৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই অঞ্চলটোৰ ৰাইজৰ বাবে কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ তুলি প্ৰফুল্ল কুমাৰ মহন্ত মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।
প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিটো ৰাজনৈতিক দলেই কেৱল নিৰ্বাচনৰ সময়ত হে ৰাইজলৈ মনত পেলাই, কিন্তু নিৰ্বাচন যোৱাৰ পাচত কোনো নেতাই খবৰ নলয় বুলিওঅঞ্চলবাসীয়েঅভিযোগ তোলে ।