ৰহা, 14 জুলাই: কোভিড পজিটিভ ৰহাৰ দুজন আৰক্ষী ৷ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ ৰহাতো শেহতীয়াকৈ আৰক্ষীৰ লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ।
জানিব পৰা মতে,ৰহাৰ মহেন্দ্ৰ হাজৰিকা ভৱনত বাহৰ পাতি থকা আৰক্ষীৰ 26 IRBN বেটেলিয়নৰ দুজন আৰক্ষীৰ দেহত মঙলবাৰে ৰেপিড টেষ্টত ক'ভিড পজিটিভ বুলি ধৰা পৰে ৷ এই ঘটনাৰ পাচত সমগ্ৰ ৰহা অঞ্চলতে সামাজিক সংক্ৰমণৰ আংশকা কৰা হৈছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ভৱনত বাহৰ পাতি থকা আৰক্ষীৰ আন দুজন ব্যক্তিৰ দেহতো ধৰা পৰিছিল কৰ’ণা ভাইৰাছ ৷ অৱশ্যে বৰ্তমানে ভৱনটো সম্পূৰ্ণ ভাৱে ছীল কৰিছে প্ৰশাসনে ।
লগতে চাওক-ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত