নগাঁও, 15 ডিচেম্বৰ : নগাঁও চহৰৰ খুটিকটিয়াত বুধবাৰে সংঘটিত এক গুলী চালনাৰ(Firing at Nagaon) ঘটনাৰ পিছত অঞ্চলজুৰি এক উৎকন্ঠাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ যাওতে আৰক্ষীয়ে দুৰ্বৃত্তৰ বাহনৰ চকালৈ বুলি গুলীচালনা(police firing to targeting vehicle of criminal) কৰে যদিও পলায়ন কৰিবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো । ঘটনাৰ পাছতেই নগাঁও আৰক্ষীয়ে সমগ্ৰ অঞ্চলযুৰি আৰম্ভ কৰিছে তীব্ৰ অভিযান । অৱশ্যে বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তৰ দলটোৰ এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
উল্লেখ্য যে, বিগত কেইদিনত নগাঁও আৰক্ষীয়ে চোৰ, ডকাইত, ড্ৰাগছ মাফিয়া, ভূ-মাফিয়াকে ধৰি বিভিন্ন অপৰাধৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । বুধবাৰৰ দিনটোতো নগাঁও আৰক্ষীয়ে ভূ-মাফিয়াকে ধৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : Fight against crime : জালত পৰিল কুখ্যাত ইৰাণ