ETV Bharat / city

চামগুৰিত কৰ’ণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু

চাহ বাগান অধ্যুষিত এলেকাত ভয়ানকভাৱে বৃদ্ধি হৈছে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমন । চামগুৰিৰ চিমনাবস্তিত কৰ’ণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু ৷

চামগুৰিত কৰ’ণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু
চামগুৰিত কৰ’ণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু
author img

By

Published : May 24, 2021, 10:46 PM IST

চামগুৰি, 24 মে': ৰাজ্যত এতিয়াও ক’ভিড পৰিস্থিতি উন্নত হোৱা নাই ৷ কৰ’ণাৰ সংক্ৰমণ কিছুু পৰিমাণে হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ চামগুৰিৰ চিমনাবস্তিত চিকিৎসালয়ৰ অন্তৰ্গত চাহ বাগানত কৰ’ণাৰ ভয়ংকৰ সংক্ৰমণ ৷

চাহ বাগিছাৰ বিভিন্ন এলেকাত বৰ্তমানে ক‘ভিডত আক্ৰান্তৰ সংখ্যা হৈছে ১৪৮ গৰাকী । সোমবাৰৰ দিনটোত মৃত্যু হয় পুৰণা চালনাৰ এজন ক’ভিড ৰোগীৰ । ক’ভিডত আক্ৰান্ত হৈ চামলাল গৌড়(৫৪) নামৰ ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

চাহ বাগান এলেকাত হোৱা এই ভয়ানক গণ সংক্ৰমণত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । উল্লেখ্য যে পুৰণা চালনাৰ 1 নং লাইনত ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন ৷

লগতে পঢ়ক : অসমত আৱদ্ধ হৈ আছে কেৰালাৰ ৫৩৬ খন যাত্ৰীবাহী বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.