নগাঁও, 22 আগষ্ট : ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ বিগত ১০০ দিনৰ সফলতাৰ আঁৰত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ আৰু সহযোগিতা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাতেই অসমৰ উন্নয়ন সম্ভৱ হৈছে ।’’ জন আৰ্শীবাদ যাত্ৰাৰ দ্বিতীয় দিনা নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈয়েই "জন আৰ্শীবাদ যাত্ৰা"ত অংশগ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয় নগাঁৱত । নগাঁৱত জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত জন আৰ্শীবাদ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।
বিগত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত অৱহেলিত হোৱা উত্তৰ-পূৰ্বাঞ্চলত মোদীৰ সাত বছৰীয়া কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সম্ভৱ হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ।
লগতে পঢ়ক : নাহিল বান; চিন্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ
দেশত বিৰোধী দল কংগ্ৰেছ দিনক দিনে দুৰ্বল হোৱা বুলিও মন্তব্য কৰি বিজেপিৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পোৱা বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে । বিজেপিৰ জনপ্ৰিয়তাত কংগ্ৰেছে এতিয়া ভয় খাইছে । ভাৰতবর্ষৰ বুকুত কংগ্ৰেছৰ এতিয়া যে স্থান নোহোৱা হৈছে সেই কথা কংগ্ৰেছেও ইতিমধ্যে গম পাইছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰ্শীবাদ কৰিবলৈ সাংবাদিকসকলকো বিশেষভাৱে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
জন আৰ্শীবাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে । দেওবাৰে নগাঁৱৰ জন আৰ্শীবাদ যাত্ৰাত সংগ দিয়ে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলাখনৰ বিজেপি নেতা কৰ্মীসকলে । নগাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত উজনি অসম অভিমুখে ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
লগতে পঢ়ক : আশীৰ্বাদ যাত্ৰাৰ অৰ্থ বুজি পোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই