ETV Bharat / city

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ ব্য়ৱসায়ী - নগাঁও অবৈধ অস্ত্ৰ বাতৰি

বিশেষ শাখাৰ অভিযানত আটক হল অস্ত্ৰ ব্যৱসায়ীজন ৷ অপৰাধীসকলক পিষ্টল ভাড়ালৈ দিছিল আটকাধীন কীৰ্তিকমল ফুকনে ৷

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ
author img

By

Published : Nov 4, 2019, 8:31 PM IST

নগাঁও, 4 নৱেম্বৰ: পুনৰ নগাঁও আৰক্ষীৰ জালত পৰিল আন এজন অবৈধ অস্ত্ৰ ব্যৱসায়ী ৷ দেওবাৰে নিশা বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা বিশেষ গোটে অভিযান চলাই জিলাখনৰ কামপুৰৰ পৰা আটক কৰে জিলাখনৰ বহু অপৰাধীক অস্ত্ৰৰ যোগান ধৰা অবৈধ অস্ত্ৰ ব্যৱসায়ৰে জড়িত কীৰ্তিকমল ফুকন নামৰ এজন ব্যৱসায়ীক ৷

অভিযানকাৰী দলটোৱে ব্যৱসায়ীজনৰ পৰা এটা নাইন এম এম পিষ্টলৰ উপৰিও পাঁচ জাইকৈ সজীৱ গুলীও জব্দ কৰে ৷ ইফালে ধৃত কীৰ্তিকমলক আৰক্ষীয়ে চলোৱা জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৷ দীৰ্ঘদিনৰ পৰা কীৰ্তিকমল নামৰ লোকজনে বিভিন্ন অপৰাধীক নিজৰ অবৈধ পিষ্টল ভাড়াত দি অহাৰ কথাও পোহৰলৈ আহিছে আৰক্ষীৰ জেৰাত ৷

বৰ্তমানো অধিক তথ্য উদঘাটনৰ বাবে কীৰ্তিকমলক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, বিগত দহ মাহত অবৈধ অস্ত্ৰ বিৰোধী অভিযানত নগাঁও আৰক্ষীয়ে 25 টা অবৈধ অস্ত্ৰ জব্দ কৰাৰ লগতে 36 জনকৈ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই তথ্য সদৰী কৰে জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ৷

অপৰাধীসকলক পিষ্টল ভাৰালৈ দিছিল আটকাধীন কীৰ্তিকমল ফুকনে

Intro:নগাওঁ আৰক্ষীৰ জালত অপৰাধীক পিষ্টল ভাড়াত দিয়া অপৰাধী। জব্দ পাঁচ জাই সজীৱ গুলীসহ নাইন এম এম পিষ্টল। Body:অপৰাধীক পিষ্টল ভাড়াত দিয়া এটা অপৰাধী জালত পৰে নগাওঁ আৰক্ষীৰ। নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে দেওবাৰে নিশা কামপুৰত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় বহু অপৰাধীক সহযোগ কৰা মূল অপৰাধী। কামপুৰৰ কীৰ্তিকমল ফুকন নামৰ ব্যৱসায়ীগৰাকীক আৰক্ষীৰ দলটোৱে আটক কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টলসহ পাঁচ জাইকৈ সজীৱ গুলীও জব্দ কৰে। ধৃত কীৰ্তিকমলক আৰক্ষীয়ে চলোৱা জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। দীৰ্ঘদিনৰ পৰা কীৰ্তিকমল নামৰ লোকজনে বিভিন্ন অপৰাধীক নিজৰ অবৈধ পিষ্টল ভাড়াত দি অহাৰ কথাও পোহৰলৈ আহিছে আৰক্ষীৰ জেৰাত। নগাওঁ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা। ইপিনে নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানত বিগত দহ মাহত 25 টা অবৈধ অস্ত্ৰ জব্দ কৰাৰ লগতে 36 টাকৈ অপৰাধী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। সোমবাৰে নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই তথ্য সদৰী কৰে আৰক্ষী অধীক্ষকে।
Bite
--------------------------------+--------------
ৰকিবুল ওৱাহিদ, নগাওঁ
4-11-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.