ETV Bharat / city

9 জুনত নগাঁৱত প্ৰদান কৰা হ’ব কোভাক্সিন (COVAXIN) ৰ দ্বিতীয় পালি টীকা

author img

By

Published : Jun 7, 2021, 9:53 PM IST

১৬ এপ্ৰিল' ৰ পূৰ্বে কোভাক্সিন (COVAXIN) ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰা ব্যক্তি সকলৰ বাবে নগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ গ্ৰহণ । ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হয়বৰ গাঁও হাইস্কুলত দিনৰ ৯ বজাৰ পৰা দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা ৷

nagaon district administration programe on 2 nd dose covaxin
9 জুনত নগাঁৱত COVAXIN ৰ দ্বিতীয় পালি টিকা প্ৰদান কাৰ্যসূচী

নগাঁও, 7 জুন : নগাঁও জিলাখনত যিসকল নাগৰিকে যোৱা ১৬ এপ্ৰিল' ২০২১ তাৰিখ বা তাৰ আগতে কোভাক্সিন (COVAXIN) ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেই সকলৰ বাবে নগাঁও জিলা প্ৰশাসনে কৰিছে বিশেষ ব্যৱস্থা ৷ আগন্তুক 9 তাৰিখে নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হয়বৰগাঁও হাইস্কুলত দিনৰ ৯ বজাৰ পৰা দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰিছে । নগাঁও জিলাৰ উপায়ুক্তি এই বিষয়ে জানিবলৈ দি লগতে কয় যে, বৰ্তমান জিলাখনত কোভাক্সিন (COVAXIN) ৰ দ্বিতীয় পালি টীকা ১১৭০ টা মজুত আছে আৰু অধিক টীকা অনাৰ ব্যৱস্থা কৰি থকা হৈছে ।

উপায়ুক্ত গৰাকীয়ে ৯ জুন তাৰিখে হ'বলগীয়া টীকাকৰণ শিৱিৰত ১৬ এপ্ৰিল' ২০২১ তাৰিখৰ পাছত COVAXIN ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰা ব্যক্তিয়ে যাতে অযথা ভিৰ নকৰেহ আৰু টীকাকৰণৰ শিবিৰত সকলোৱে যাতে সামাজিক দূৰত্ব মানি চলে তাৰ প্ৰতি আহ্বান জনায় । ১৭ এপ্ৰিল' ২০২১ তাৰিখ বা তাৰ পাছত কোভাক্সিন (COVAXIN) ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰা ব্যক্তি সকলক দ্বিতীয় পালি টীকাকৰণৰ বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হ’ব উপায়ুক্তই জানিব দিয়ে ।

লগতে পঢ়ক : গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.