নগাঁও, 4 জুলাই: নগাঁৱত ক্ৰমাৎ ভয়াৱহ দিশত গতি কৰিছে ক’ভিড-১৯ মহামাৰীয়ে । শুকুবাৰৰ দিনটোত নগাঁৱত মুঠ 60 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ অৱস্থিতি । ইয়াৰ লগে-লগে নগাঁৱত 754 জনলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ।
শুকুৰবাৰ চিনাক্ত হোৱা কৰ'ণা আক্ৰান্ত ৰোগীৰ একাংশৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত । ভ্ৰমণ বৃত্তান্ত নোহোৱা লোকো ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতেই অধিক আতংকিত হৈ পৰিছে নগাওঁবাসী ।
অৱশ্যে কৰ'ণাত আক্ৰান্ত হোৱা লোকক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ অন্তত এই পৰ্যন্ত সুস্থ হৈ উঠিছে 490 জনকৈ লোক । সুস্থ হোৱা আটাইকেই ইতিমধ্যে যাবলৈ দিয়া হৈছে নিজ ঘৰলৈ ।
লগতে চাওক-নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য