নগাঁও, 21 মাৰ্চ : নগাঁও উকীল সন্থাই ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিলে বাৰ । কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে উকীল সন্থাই এক সভাৰ আয়োজন কৰি বাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৩১ মাৰ্চলৈকে বন্ধ থাকিব নগাঁও বাৰ ।
![নগাঁও উকীল সন্থাই ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিলে বাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-802-21mrch-bar-bandh-7203829_21032020112517_2103f_1584770117_681.jpg)
বিশ্বব্যাপী মহামাৰীৰ সৃষ্টি কৰা কৰ'ণা ব্যাধিৰ প্ৰতি লক্ষ্য ৰাখি অধিবক্তাসকলক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰে নগাঁও উকীল সন্থাই ৷ আনহাতে সভাৰ অন্তত সন্থাৰ কাৰ্যকৰী সমিতিৰ ম্যাদ অহা 1 মাহ পৰ্যন্ত বৃদ্ধি কৰা হয় ৷ আনহাতে নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খণ্ডকাৰৰ নেতৃত্বত যোৱা এটা সজাতি দলে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত নগাঁও সত্ৰ ন্যায়াধীশৰ সৈতে এক বাৰ্তালাপত মিলিত হয় ৷
বাৰ বন্ধ ৰখা হৈছে যদিও অধিক জৰুৰী বিষয়সমূহ আগতীয়াকৈ জাননী অথবা ফোনযোগে অধিবক্তাসকলক জনাব পাৰিব সাধাৰণ জনতাই ৷