নগাঁও, 3 অক্টোবৰ : নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড । জিলাখনৰ ৰণথলি ৰজাভেটীত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে প্ৰশান্ত বণিয়া নামৰ এজন ব্যৱসায়ীয়ে ৷ ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুই যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে আক্ৰমণৰ অভিযোগ ।
আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰশান্ত বণিয়াক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত প্ৰশান্ত বণিয়া নগাঁও চহৰত থকা 'গহণা' নামৰ কেঁচা সোণৰ জুৱেলাৰীৰ স্বত্বাধিকাৰী । ধনৰ লেনদেনৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
লগতে পঢ়ক : তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী