নগাঁও,18 মে’: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱতো দিনক দিনে বৃদ্ধি পাই আহিছে ক’ভিড ১৯ ৰ সংক্ৰমণ । ক’ভিড ১৯ ক লৈ নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগো যথেষ্ট তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । কোভিড ১৯ ৰ সংক্ৰমণৰ এনে পৰিস্থিতিত জিলাখনৰ উপায়ুক্ত কবিথা পদ্মনাভনো সকলো সময়তে সষ্টম হৈ দেখা গৈছে ।
ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্তক ক’ভিড হস্পিতাল সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত নিয়মীয়াকৈ ক‘ভিড কেয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি গৈছে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে । একেদৰে নগাঁও সদৰ সমিষ্টিৰ বিধায়ক ৰূপক শৰ্মাও তৎপৰ হৈ পৰিছে কোভিড ১৯ ক লৈ ৷
নগাঁৱৰ উজৰাগাঁও মডেল হস্পিতালতো ইতিমধ্যে স্থাপন কৰা হৈছে ক’ভিড কেয়াৰ চেণ্টাৰ । মঙলবাৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰক লগত লৈ ৫৫ খন বিচনাযুক্ত নগাঁৱৰ উজৰাগাঁও মডেল হস্পিতালত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ৷
লগতে পঢ়ক : ডিফুৰ দেৱজিৎ সিন্হা হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ