ETV Bharat / city

বটদ্ৰৱাত থানত ''কালযবন বধ'' ভাওনা

শৰতৰ ৰাতি বটদ্ৰৱাত শ্ৰীকৃষ্ণ লীলা । খোল-তালৰ ছেৱে ছেৱে ধনু গদা ঘূৰাই নাচিলে শিশুৰ পৰা আশী উৰ্দ্ধৰ বৃদ্ধই ।

author img

By

Published : Oct 10, 2019, 8:50 AM IST

''কালযবন বধ'' ভাওনাৰ অভিনয় শিল্পী

নগাঁও,10 অক্টোবৰ: বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম-জয়ন্তী মহোৎসৱত ৯ অক্টোবৰ বুধবাৰে নিশা বটদ্ৰৱাৰ জাজৰিবাসী ৰাইজে পৰিবেশন কৰে ''কালযবন বধ'' ভাওনা ।

বটদ্ৰৱাত থানত গুৰুজনাৰ কৃষ্টি

গুৰুজনাৰ জন্মভূমিত গুৰু জন্ম-জয়ন্তী উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত পাৰভঙা উৎসাহ পৰিলক্ষিত হয় ৷ বুধবাৰে নিশা বটদ্ৰৱাত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে একেলগে উপভোগ কৰে এই ভাওনা পৰিবেশন ৷ ভাওনাৰ শিল্পীসকলে উৎসাহেৰে কৰা এই অনুষ্ঠানটোত দৰ্শকৰ বিপুল উপস্থিতিয়ে সম্পূৰ্ণ কৰি তোলে ৷ সংস্কৃতিৰ এনে চৰ্চাই গুৰুজনাৰ যাউতিযুগীয়া সংস্কৃতিক দৃঢ় কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

Intro:শৰতৰ ৰাতি বটদ্ৰৱাত শ্ৰীকৃষ্ণ লীলা। খোল তালৰ ছেৱে ছেৱে ধনু গদা ঘুৰাই নাচিলে শিশুৰ পৰা অাশীৰ উৰ্ধৰ বৃদ্ধই।
Body:শৰতৰ নিশা শ্রীকৃষ্ণৰ লীলা। খোল তালৰ ছেৱে ছেৱে ধনু গদা ঘুৰাই নাচিলে পুৰুষে। গুৰুজনাৰ জন্মভূমিত গুৰু জন্ম জয়ন্তী উপলক্ষে ভক্ত প্ৰাণ ৰাইজৰ মাজত পাৰ ভঙা উৎসাহ। হয় শৰত কালৰ ৰাতি অতি বিতোপন। এই বিতোপন নিশাতেই জগত গুৰু শ্রীমন্ত শঙ্কৰ দেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত শিশুৰ পৰা অাশীৰ উৰ্ধৰ বৃদ্ধলৈ এজাক কুশীলৱই দেৱ বাদ্য খোল তাল ডবাৰ শবদত বৈকুন্ঠ পুৰীলৈ পৰিনত কৰিলে নাটঘৰ প্রাঙ্গন। নান্দনিক অভিনয়, নাচ, বিলাপ পয়াৰৰ সমাহাৰেৰে স্বৰ্গ মৰ্ত্ত্য পাতালৰ সৌন্দৰ্য্যৰ সমাবেশৰ হিলদল তুলি দৃষ্টিনন্দন কৰি তুলে। এই অপূৰ্ব দৃশ্যই মুহিত কৰি তুলিলে উপস্থিত দৰ্শকসকলক। শৰৎৰ সেমেকা নিশাকো নেউচি সকলো ব্যষ্ট হৈ পৰিল ভাঁওনা চোৱাত। উত্তৰে আকাশী গংগাৰ পৰা প্ৰৱাহিত হোৱা হিম চেঁচা মলয়া বতাহজাকেও যেন গা লৰাব নোৱাৰিলে দৰ্শক ৰাইজক। হাতত ধনু, কাঁড়, গদা, যাঠি লৈ নাটঘৰত ভাঁওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী পুৰুষকলে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী মহোৎসৱৰ ৯ অক্টোৱৰ বুধবাৰে নিশা বটদ্ৰৱাৰ জাজৰি বাসী ৰাইজে পৰিবেশন কৰে ''কালযবন বধ'' ভাওনা। এনেদৰেই গুৰুজনাৰ জন্মভূমিত গুৰুজয়ন্তী উপলক্ষে গুৰুজনাৰ সৃষ্টি ৰাজিৰ পৰিবেশনেৰে জীপাল কৰি চহকী কৰিলে অসমীয়া সংস্কৃতি।_________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.