ETV Bharat / city

Assam minority scholarship scam: সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পণৰ দাবী - জাতীয় দল অসমৰ সংবাদমেল

সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানত কোটি কোটি টকাৰ কেলেংকাৰী (Assam minority scholarship scam) হোৱাৰ বিস্ফোৰক অভিযোগ জাতীয় দল, অসমৰ। এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণৰ দাবী দলটোৰ (Jatiya Dal Axom demands CBI probe)।

Jatiya Dal Axom demands CBI probe for Assam minority scholarship scam in Nagaon
সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী
author img

By

Published : Jun 13, 2022, 8:59 PM IST

নগাঁও, 13 জুন: সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ণৰ কাৰণে মুকলি কৰি দিয়া ছাত্ৰ বৃত্তি প্ৰদানত ব্যাপক অনিয়ম সংঘটিত হোৱাক লৈ সোমবাৰে জাতীয় দল অসমে নগাঁও প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰে (Jatiya Dal Axom organize press conference) ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী (Assam minority scholarship scam) হোৱা বুলি অভিযোগ উত্থাপন কৰিছে দলটোৱে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনেৰে বহু লোক কোটিপতি হোৱা বুলিও অভিযোগ উত্থাপন কৰে সংঘটনটোৱে ।

নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীত বহু শিক্ষক, চৰকাৰী বিষয়া, বেংকৰ চি এছ পিৰ লগতে বহু দালাল জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে জাতীয় দল অসমৰ নগাঁও জিলা সমিতিয়ে ৷ বিশেষকৈ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ একাংশ স্বত্বাধিকাৰীয়ে ভুৱা একাউণ্ট খুলি সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত ধন আত্মসাত কৰি অহাৰ অভিযোগ উঠিছে ।

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী

য'ত একাংশ শিক্ষক, চৰকাৰী বিষয়াই বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক সহযোগ কৰি অহাৰ উভিযোগ উত্থাপন কৰি তদন্তৰ দায়িত্ব CBI ক অৰ্পণৰ দাবী দলটোৰ (Jatiya Dal Axom demands CBI probe for minority scholarship scam) ৷ লগতে এই কেলেংকাৰীত জড়িত আটাইকেইজন দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় জাতীয় দল অসমৰ নগাঁও জিলা সমিতিয়ে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিত জড়িত কেইবাজনো ৰাজনৈতিক নেতাৰ নামো সংবাদ মেলত প্ৰকাশ কৰিলে সংগঠনটোৱে ।

উল্লেখযোগ্য যে, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত নগাঁৱত সংঘটিত হোৱা কেলেংকাৰীৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই চি আই ডিত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে । চি আই ডিয়ে ইতিমধ্যে ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.