ETV Bharat / city

ৰাজ্যৰ বিভিন্ন জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

author img

By

Published : Jun 21, 2021, 12:34 PM IST

কৰ'ণা সৃষ্ট পৰিবেশৰ মাজতো বিশ্বনাথ, কলিয়াবৰৰ লগতে লখিমপুৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) পালন কৰা হৈছে ৷ নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ যোগাসন অনুশীলনত ব্যস্ত হৈ পৰিছে স্থানীয় বহু লোক ৷

International Yoga Day celebration At Biswanath And Others District
ৰাজ্যৰ বিভিন্ন জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিশ্বনাথ, 21 জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্র দেশৰ লগতে ৰাজ্যতো সোমবাৰে উদযাপন কৰা হয় আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)। বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বিহালী বিজেপি(BJP) মণ্ডলৰ উদ্যোগত বৰগাং ৰংঘ মঞ্চত যোগ দিৱস পালন কৰা হয় ।

এই যোগাসন কাৰ্যসূচীত প্ৰাক্তন কেৱিনেট মন্ত্ৰী তথা ৭৭ নং বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে অঞ্চলটোৰ বহু জ্যেষ্ঠ বিজেপি কৰ্মী তথা যুৱক সকলে ভাগ লয় । ইফালে যোগ দিৱসত অংশগ্ৰহণ কৰি বিধায়ক ৰঞ্জিত দত্তই কয় যে, এই দিনটো বুলিয়েই নহয় প্ৰতি দিনেই জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজতে কিছু সময় উলিৱাই যোগ কৰিলে নিজকে সুস্থ কৰি ৰখাত সহায় হয় ৷

সমান্তৰালকৈ কৰ'ণা সৃষ্ট পৰিবেশৰ মাজতে নগাঁও জিলাৰ কলিয়াবৰতো অনুষ্টুপীয়াকৈ যোগ দিৱস পালন কৰা হয় । কলিয়াবৰত থকা একমাত্ৰ আৰোগ্য যোগা কেন্দ্ৰত সীমিত সংখ্যক লোকৰ উপস্থিতিত যোগ দিৱস পালন কৰা হৈছে । কেন্দ্ৰটোত নিয়মিতভাৱে যোগৰ প্ৰশিক্ষণ ল'বলৈ অহা অসম গণ পৰিষদৰ (AGP) যুৱ নেতা তথা সাংগঠনিক সম্পাদক আৰু প্ৰযুক্তি তথ‍্য কোষৰ কাৰ্য‍বাহী সদস্য মণিমাধৱ মহন্তই যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একমাত্ৰ যোগাসনেহে মানুহক মানসিক তথা শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে বুলি মন্তব্য কৰে ।

একেদৰে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক (MLA) ড° অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত বিহপুৰীয়া সমষ্টিৰ ভিত্তিত বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)। প্ৰায় দুই শতাধিক লোকে ভাগ লোৱা এই কাৰ্যসূচীত যোগাসন কৰি যোগাভ্যাসৰ জৰিয়তে নিজক সুস্থ আৰু সবল কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় বিধায়কগৰাকীয়ে।

লগতে পঢ়ক-ডিব্ৰুগড়ত ক'ভিড আৰু বান ব্যৱস্থাপনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.