ETV Bharat / city

নগাঁৱত চাঞ্চল্য : দুদিনত উদ্ধাৰ দুটাকৈ মৃতদেহ

নগাঁও চহৰৰ ৰামকৃষ্ণ পথত মঙলবাৰে উদ্ধাৰ হয় এজন শ্ৰমিকৰ মৃতদেহ । সোমবাৰেও নগাঁৱৰ ধিং গেটত উদ্ধাৰ হৈছিল আন এজন লোকৰ মৃতদেহ ।

Body rescue at Nagaon
নগাঁৱত চাঞ্চল্য : দুদিনত উদ্ধাৰ দুটাকৈ মৃতদেহ
author img

By

Published : Oct 5, 2021, 12:20 PM IST

নগাঁও, 5 অক্টোবৰ : নগাঁৱৰ ধিং গেটত সোমবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই মঙলবাৰে পুৱা পুনৰ নগাঁও চহৰৰ খ্ৰীষ্টিয়ানপট্টিত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ পুনৰ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ খ্ৰীষ্টিয়ানপট্টিৰ ৰামকৃষ্ণ পথৰ কৃষিজাত সামগ্ৰীৰ শীত তাপ নিয়ন্ত্ৰিত বিপণন কেন্দ্ৰৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো ।

নগাঁৱত চাঞ্চল্য : দুদিনত উদ্ধাৰ দুটাকৈ মৃতদেহ

মৃত লোকজন নগাঁৱৰ আমবাগানৰ বিজয় দাস নামৰ এজন শ্ৰমিকৰ বুলি চিনাক্ত হৈছে । নগাঁও চহৰৰ এখন দোকানত কৰ্মৰত বিজয় দাস নামৰ শ্ৰমিকজনৰ কি অৱস্থাত মৃত্যুক সাৱটিবলগীয়া হ'ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই । মঙলবাৰে পুৱাই প্ৰাতঃভ্ৰমণলৈ অহা লোকে মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষী থানাত খবৰ দিয়ে ।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : ত্ৰিপুৰা বিজেপিত খহনীয়া আৰম্ভ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.