কলিয়াবৰ, 31 মে' : ৰাজ্যত আৰক্ষীয়ে ব্যাপকভাৱে আৰম্ভ কৰিছে ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে সৰবৰাহকাৰী ৷ সোমবাৰে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত এক অভিযানত নিজৰিৰ পৰা এক বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ।
বিলাতী সুৰা সৰবৰাহ কৰা সন্দৰ্ভত আৰক্ষীয়ে গৌৰী কুজুৰ নামৰ এজন ব্যক্তিক আটক কৰে । কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত কলিয়াবৰত ড্ৰাগছ, অবৈধ সুৰা, জুৱাৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ অভিযানত কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰে ৷
সোমবাৰে কলিয়াবৰৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিছে আৰক্ষীয়ে । কলিয়াবৰৰ অসামাজিক চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ পদক্ষেপত স্থানীয় ৰাইজৰ লগতে নগাঁও জিলাৰ বাসিন্দাসকলে সন্তোষ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?