ETV Bharat / city

ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ পেডিঅ’ট্রিক ICU

author img

By

Published : Aug 8, 2021, 11:49 AM IST

ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্যবিভাগ ৷ অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছে পেডিঅ’ট্রিক আই চি ইউ ৷ যাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ কিয়নো ক’ভিডৰ তৃতীয় ঢৌত অধিক শিশু প্ৰভাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট ৷

Health Minister visit at Kaliabor
ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ প্ৰেডিঅ’ট্ৰিক ICU

কলিয়াবৰ, 8 আগষ্ট : ৰাজ্য তথা দেশত অব্যাহত আছে ক’ভিড-19 ৰ ত্ৰাস ৷ কেইবামাহ ধৰি ক’ভিড মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাচত এতিয়া তুলনামূলকভাৱে সংক্ৰমণৰ হাৰ কিছু হ্ৰাস হৈছে ৷ কিন্তু বৰ্তমানেও আঁতৰ হোৱা নাই ইয়াৰ ভয়াৱহতা । কিয়নো কৰ'ণা ভাইৰাছৰ তৃতীয় ঢৌৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।

পূৰ্বৰে পৰা যাৱতীয় প্ৰস্তুতি নচলালে পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে ৷ সেয়ে অসমৰ স্বাস্থ্য বিভাগে সাম্ভাব্য কাল কৰ’ণাৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি চলাইছে । জানিব পৰা মতে, ক’ভিডৰ তৃতীয় ঢৌত বিশেষকৈ অধিক শিশু প্ৰভাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট ৷ সেয়ে কাল কৰ’ণাৰ তৃতীয় ঢৌৰে যুঁজ দিবলৈ আগতীয়াকৈ কিছু প্ৰস্তুতি চলাইছে অসমৰ স্বাস্থ্য বিভাগে ৷

ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ পেডিঅ’ট্রিক ICU

শনিবাৰে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ কলিয়াবৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ক'ভিডৰ সাম্ভাব্য তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা শিশুসকলৰ চিকিৎসাৰ বাবে অসমৰ প্ৰতিখন মেডিকেল কলেজত নিৰ্মাণ হৈছে পেডিঅ’ট্রিক আই চি ইউ ৷ ক’ভিডৰ তৃতীয়টো ঢৌক প্ৰত্যাহ্বান জনাবৰ বাবে সাজু হৈ উঠিছে অসমৰ স্বাস্থ্য বিভাগ ৷

ন কৈ নিৰ্মাণ কৰা পেডিঅ’ট্রিক আই চি ইউ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ লগতে পেডিঅ’ট্রিক আই চি ইউৰ টেকনিচিয়ানসকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে । প্ৰতিখন হাস্পতালতে শিশুৰ বাবে অতিৰিক্ত বিচনা সংৰক্ষণ কৰা হৈছে । শিশুসকলক এই পৰ্যন্ত ভেকচিন প্ৰদান কৰাৰ নিৰ্দেশনা অহা নাই যদিও ১২ ৰ পৰা ১৮ বছৰ ভিতৰৰ শিশুক ভেকচিন প্ৰদান কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷ ইফালে ক’ভিড-19 ৰ দ্বিতীয় ঢৌৰ বাবে ৰাজ্যত দিয়া হৈছে আংশিক লক ডাউন ৷ এই আংশিক লক ডাউনত কিছু শিথিলতা প্ৰদান কৰাৰ লগতে 16 আগষ্টৰ পৰা সম্পূৰ্ণ কাৰ্ফিউৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: কলিয়াবৰত ক'ভিড মুক্ত ৯ খনকৈ চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.