চামগুৰি, 6 মে’: বৃহস্পতিবাৰে নিশা চামগুৰিত সংঘটিত হৈ যায় এক গুলীচালনাৰ ঘটনা (Drugs smuggler fires at Samaguri in Nagaon) ৷ খাটোৱাল আৰক্ষীয়ে গেৰুৱামুখ অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission) চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷
ঘটনা অনুসৰি, খাটোৱাল আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামক লৈ অভিযান চলাই থকাৰ সময়তে ৰফিকুল ইছলামে শূণ্যলৈ গুলীচালনা কৰি (Firing by drugs smuggler) এটা .22 পিষ্টল, 35 ৰাউণ্ড সজীৱ গুলি, নগদ 27 হাজাৰ টকা এৰি থৈ পলায়ন কৰে ৷
পিছত পুনৰ খাটোৱাল আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে পুৱা কুখ্যাত ৰফিকুলক কৰায়ত্ব কৰিবলৈ সক্ষম হয় (Drugs smuggler arrested by Police) ৷ লগতে ড্ৰাগছ ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডিমাপুৰৰ পৰা অতি কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰি চামগুৰিত ড্ৰাগছৰ এখন ক’লা বজাৰ গঢ়ি তুলিছিল ৰফিকুলে ।
লগতে পঢ়ক : মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক