ETV Bharat / city

Drugs dealer arrested at Nagaon : জুকাটিবাসীক কি আহ্বান জনালে আনন্দ মিশ্ৰই ? - আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

শুকুৰবাৰে নিশা হয়বৰগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে যৌথভাৱে জুকাটি বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ (Drugs Seized at Nagaon) লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs dealer arrested at Nagaon) ৷ এই ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ পিছতেই জুকাটিবাসীক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

drug-dealer-arrested-by-nagaon-police
জুকাটিবাসীক কি আহ্বান জনালে আনন্দ মিশ্ৰই ?
author img

By

Published : Jan 8, 2022, 2:25 PM IST

নগাঁও, 8 জানুৱাৰী : ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে নতুন কৌশল নগাঁও আৰক্ষীৰ । এইবাৰ ড্ৰাগছৰ গ্ৰাহকৰ ৰূপত ড্ৰাগছৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষীৰ । শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে জুকাটি অঞ্চলত অভিযান চলাই ড্ৰাগছ সহ (Drugs Seized at Nagaon) এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs dealer arrested at Nagaon) ৷

ঘটনা অনুসৰি, শুকুৰবাৰে নিশা হয়বৰগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে যৌথভাৱে জুকাটি বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs Seized by Nagaon Police) ৷ লগতে শ্বহিদুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰী শ্বহিদুল ইছলামে দীর্ঘদিনৰ পৰা এই অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তত ড্ৰাগছৰ এক ক'লা সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল ।

জুকাটিবাসীক কি আহ্বান জনালে আনন্দ মিশ্ৰই ?

অৱশেষত নগাঁও আৰক্ষীয়ে অতি তৎপৰতাৰে এই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী শ্বহিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷ এই ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ পিছতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুই-এজন দুষ্ট প্ৰকৃতিৰ লোকৰ বাবেই অঞ্চলটো বদনামী হয় বুলি মন্তব্য কৰি সকলোকে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় ।

ইয়াৰ লগতে জুৰীয়া থানাত যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰা ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োক প্ৰশংসা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.