ৰূপহীহাট, 31 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান । ৰূপহীহাটৰ জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী ৷ জুৰিয়া মাহগুৰিত আৰক্ষীৰ এই অভিযান।
অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী হানিফ উদ্দিন। এই অভিযানতেই উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। আৰক্ষীয়ে হানিফ উদ্দিনৰ বাসগৃহৰ পৰা AS 02 AF 0205 নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে হানিফ উদ্দিনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
![Drug dealer detained in Rupahihat nagaon etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-rup-801-31-jul-arrest-asc-10021-uttam-kr-bora_31072021132821_3107f_1627718301_728.jpg)
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ অসম আৰক্ষীৰ শেহতীয়া অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই পোহৰলৈ আনিছিল ৰাজ্যত চলি থকা ড্ৰাগছৰ গোপন বেহাৰ ছবিখন ৷ ইয়াৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷
মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷
ইয়াৰ পাচৰে পৰা সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বুজন পৰিমান ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ অসমতে জব্দ হোৱা ড্ৰাগছ সমূহৰ বিনষ্টকৰণ কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷
লগতে পঢ়ক:বন্ধুৰ সৈতে মিলি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ