ETV Bharat / city

কৰুণা মুড়াৰ মৃতদেহ সৎকাৰ AJYCP নগাঁও জিলা সমিতিৰ

author img

By

Published : Sep 9, 2022, 9:57 PM IST

অৱশেষত নগাঁৱৰ মধুপুৰ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল বিগত তিনিদিন ধৰি চিকিৎসালয়ৰ মৰ্গত পৰি থকা কৰুণা মুড়াৰ মৃতদেহৰ । শুকুৰবাৰে বিয়লি মহিলাগৰাকীৰ মৃতদেহটো চমজি লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) নগাঁও জিলা সমিতিয়ে নগাঁৱৰ মধুপুৰ শ্মশানত সৎকাৰ কৰে ৷

কৰুণা মুড়াৰ মৃতদেহ সৎকাৰ AJYCP নগাঁও জিলা সমিতিৰ
কৰুণা মুড়াৰ মৃতদেহ সৎকাৰ AJYCP নগাঁও জিলা সমিতিৰ

নগাঁও, 9 ছেপ্তেম্বৰ: কৰুণা মুড়াৰ মৃতদেহৰ সৎকাৰ হ’ল ৷ নগাঁৱৰ মধুপুৰ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল বিগত তিনিদিন ধৰি চিকিৎসালয়ৰ মৰ্গত পৰি থকা কৰুণা মুড়াৰ । মহিলাগৰাকীৰ মৃতদেহটো চমজি ল’বলৈ আজি পৰ্যন্ত কোনো আগবাঢ়ি নহাত সৎকাৰৰ বাবে আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) নগাঁও জিলা সমিতি ৷

উল্লেখ্য যে, মঙলবাৰ অৰ্থাৎ 6 ছেপ্টেম্বৰৰ দিনৰ ভাগত পোহৰলৈ আহিছিল এই ভয়ংকৰ ঘটনা ৷ উত্থাপন হৈছিল চিকিৎসালয়খনত ভৰ্তি হৈ সৈতে থকা কৰুণা মুড়াৰ বিৰুদ্ধে দুটি শিশুক বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ ৷ বিগত 4 আগষ্টত কৰুণা মুড়াক অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়তমহিলাগৰাকীৰ সৈতে আছিল তেওঁৰ দুই সন্তান ৷ কিন্তু চিকিৎসালয়খনৰ পৰাই হঠাৎ নিৰুদ্দেশ হৈছিল মাতৃৰ সৈতে থকা সন্তান দুটি (Child missing from Nagaon civil hospital) ৷

পৰৱৰ্তীসময়ত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱা শিশু দুটি (Nagaon police recovered Missing child) ৷ ইফালে প্ৰথমৱস্থাত মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মহিলাগৰাকী কৰুণা মুড়া বুলি জানিব পৰা গৈছিল । সোমবাৰে নিশাই মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহ চমজি ল'বলৈ কোনো আত্মীয় আগবাঢ়ি নহাত বিগত তিনি-চাৰিদিন ধৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ (Nagaon Bhogeswari Phukanani Civil Hospital) মৰ্গত পৰি আছিল মহিলাগৰাকীৰ মৃতদেহ ।

কৰুণা মুড়াৰ মৃতদেহ সৎকাৰ কৰিলে AJ

ফলত শুকুৰবাৰে বিয়লি মহিলাগৰাকীৰ মৃতদেহটো চমজি লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ মধুপুৰ শ্মশানত দুৰ্ভগীয়া মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰে ৷ স্মৰ্তব্য যে, বৰ্তমানেও কৰুণা মুড়া অগ্নিদগ্ধ হোৱাৰ কাৰণ সন্দৰ্ভত কোনো তথ্য নাই নগাঁও আৰক্ষীৰ হাতত । নগাঁও আৰক্ষীক এই ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰ দাবী জনাইছে সংগঠনটোৱে ।

ইয়াৰ লগতে এয়া চাহ জনগোষ্ঠীয় লোকৰ প্ৰতি বৰ্তমানৰ চৰকাৰে কৰা অৱহেলাৰ পৰিচয় বুলি ক্ষোভ উজাৰিলে সংগঠনটোৱে । আনকি ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰে সংগঠনটোৱে (Allegation against Nagaon police) ।

লগতে পঢ়ক: উদ্ধাৰ হ’ল নগাঁও চিকিৎসালয়ৰ পৰা বিক্ৰী হোৱা শিশু দুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.