নগাঁও, 6 জুন : বিশেষভাৱে সক্ষম লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । দেওবাৰে নগাঁও জিলাৰ শংকৰ মিচনত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগ, শ্ৰীমন্ত শংকৰদেৱ মিছন, ৰটাৰী ক্লাৱৰ সহযোগত বিশেষভাৱে সক্ষম লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । দেওবাৰে মুঠ ২১৯ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে আনুষ্ঠানিকভাৱে মুকলি কৰা প্ৰতিষেধক প্ৰদান অনুষ্ঠানত স্বৰাজ ইংতি নামৰ বিশেষভাৱে সক্ষম যুৱকজনক প্ৰথমটো ক’ভিড প্ৰতিষেধক প্ৰদান কৰে ।
পৰ্যায়ক্ৰমে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ বিদ্যাংগ ব্যক্তিসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে । লগতে আৰ্থিকভাৱে দুৰ্বল দিব্যাংগসকলৰ বাবে আছুতীয়া তালিকা প্ৰস্তুত কৰি পৰবৰ্তী সময়ত সকলোকে প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে । ঘৰৰ পৰা ওলাই আহিব নোৱাৰা দিব্যাংগসকলক ঘৰতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ।
লগতে পঢ়ক : বিতৰ্কিত পোষ্টৰ বাবে ত্ৰিপুৰা চিপিআই(এম)ৰ দুই নেতাক আৰক্ষীৰ তলব