নগাঁও,12 এপ্ৰিল: নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বিধানসভা সমষ্টিৰ কোহতলীত শুকুৰবাৰে কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ এই সভাতে শতাধিক ভোটাৰ ৰাইজৰ উপস্থিতিত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে প্ৰচাৰ চলায় ৷ তেওঁ ভাষণ প্ৰসংগত বিজেপি দলে অসমৰ অস্তিত্ব বিনষ্ট কৰি কেব আনিবলৈ প্ৰতিশ্ৰুতি দিছে বুলি মন্তব্য কৰে । লগতে বিজেপিয়ে অসমখন ধ্বংস কৰিব বিচৰা কাৰ্যক এইবাৰ অসমৰ ৰাইজে বুজি পাইছে বুলি উল্লেখ কৰি ৰাইজে কংগ্ৰেছ দলক ভোট প্ৰদান কৰিব বুলিও মন্তব্য কৰে ।
ইপিনে কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে কয় যে বিগত চাৰিটা লোকসভা নিৰ্বাচনত নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ ৰাজেন গোহাঁইয়ে অনায়াসে বিজয় সাব্যস্ত কৰিছিল । কিন্তু এইবাৰ বিজেপি প্ৰাৰ্থীয়ে কংগ্ৰেছৰ সন্মুখত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।