নগাঁও, 11 এপ্ৰিল: বিগত কিছুদিন পূৰ্বে নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছিল ভয়াৱহ কেলেংকাৰী (Minority scholarship Scam in Nagaon ) ৷ এই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত নগাঁৱত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যজুৰি জোঁকাৰণিৰ সৃষ্টি কৰিছিল ৷ তেনেসময়তে এই কেলংকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে (CID raid over minority scholarship scam)।
সোমবাৰে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ তথ্য বিচাৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত CIDৰ এটা অভিযানকাৰী দলে অভিযান চলায় (CID raid in Nagaon) । এই অভিযানত CID ৰ দলটোৱে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীত জড়িত 9 জনকৈ লোকক আটক কৰে ৷ নগাঁৱৰ কচুৱা, জুৰীয়া, ধিং, কামপুৰ, জুকাটি বজাৰকে ধৰি কেইবাটাও স্থানত চলোৱা এই অভিযানত অভিযানকাৰী দলটোৱে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ৷
আটকাধীন লোককেইজন ক্ৰমে, কচুৱাৰ ছাইফুল ইছলাম, কামপুৰৰ হুছেইন আহমেদ, ছবিৰ আহমেদ, আল্লাউদ্দিন, আব্দুল ৱাহিদ, ৰুমী দাস, জুৰীয়াৰ মোস্তাক আহমেদ, জাজৰিৰ ইমৰাণ হুছেইন আৰু নগাঁৱৰ মৃণাল কোঁৱৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে CID ৰ অভিযানকাৰী দলটোৱে অধিক তথ্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ ইফালে এই কেলেংকাৰীত শিক্ষা বিভাগৰ বহু বিষয়াও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক : ব্য়ৰ্থ গুৱাহাটী স্মাৰ্ট আৰক্ষী: এমাহে সন্ধান নাই গাড়ীগাঁও দলবদ্ধ ধর্ষণকাণ্ডৰ ৪ অভিযুক্তৰ