বঢ়মপুৰ, 18 ছেপ্টেম্বৰ: নগাঁও জিলাৰ বঢ়মপুৰত ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ চাৰি শ্বহীদলৈ দেওবাৰে নিয়মমাফিক শ্ৰদ্ধাঞ্জলি জনোৱা হয় (Tribute to Martyrs at Barampur) । প্ৰতি বছৰৰ ১৮ ছেপ্টেম্বৰ দিনটোতে বঢ়মপুৰৰ চাৰি শ্বহীদ ক্ৰমে ভোগেশ্বৰী ফুকননী, ঠগী সূত, বলো সূত আৰু লক্ষী হাজৰিকাৰ স্মৃতিত বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱসটি পালন কৰা হয় যদিও এইবেলি তাৰ ব্যতিক্ৰমভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
দেওবাৰে পুৱা অগপৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰাই লগত দুই-চাৰিজনমান লোকক লৈ শ্বহীদ বেদী আৰু শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন-পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন (Rakibul Hussain tribute to Martyrs), নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা, ভোটাই-পাথৰি জিলা পৰিষদ সদস্য গীতাঞ্জলি হাজৰিকা প্ৰমুখ্যে কংগ্ৰেছৰ কেইগৰাকীমান কৰ্মী উপস্থিত হৈ শ্বহীদ বেদী আৰু শ্বহীদ উদ্যানত একে পন্থাকে অৱলম্বন কৰে ।
অৱশেষত স্থানীয় বিধায়ক জিতু গোস্বামী (Jitu Goswami tribute to Martyrs), তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ প্ৰমুখ্যে বিজেপিৰ এটা দলেও একেদৰে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ দুপৰীয়া শ্বহীদ উদ্যানৰ ভৱনত নাম প্ৰসংগৰে কাৰ্যসূচীৰে অনুষ্ঠানৰ অন্ত পৰে ।
উল্লেখ্য যে, কংগ্ৰেছ আৰু বিজেপিৰ উক্ত কাৰ্যসূচীত শ্বহীদ পৰিয়াল আৰু মুক্তিযোদ্ধা পৰিয়ালৰ কেইগৰাকীমান প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে (BJP AGP Congress separately tribute to Martyrs) ৷