বটদ্ৰৱা, 22 মাৰ্চ : পোন প্ৰথমবাৰৰ বাবে জনশূন্য দেখা গ'ল গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান । বন্ধ হৈ থাকিল কীৰ্তন ঘৰৰ মূল দুৱাৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনতা কাৰ্ফিউৰ আহ্বান মৰ্মে পোন প্ৰথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত এইদৰে জনশূন্য পৰিবেশ দেখিবলৈ পোৱা গ'ল । কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি থান পৰিচালনা কমিতিয়ে কীৰ্তন ঘৰৰ মূল দুৱাৰ আৰু কায্যালয় বন্ধ ৰাখে । এনে পৰিবেশ বটদ্ৰৱা থানৰ ইতিহাসত এয়াই প্ৰথম । ইফালে নগাঁও জিলাৰ পশ্চিমাঞ্চল বৃহত্তৰ ধিং, বটদ্ৰৱাত বজাৰ ব্যৱসায়ী প্ৰতিষ্ঠান, যানবাহন সম্পূৰ্ণ ৰূপে বন্ধ থকা পৰিলক্ষিত হয় ।
জনতা কাৰ্ফিউলৈ সঁহাৰি বটদ্ৰৱা থানৰ - জনতা কাৰ্ফিউলৈ সঁহাৰি বটদ্ৰৱা থানৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সম্পূৰ্ণ সঁহাৰি গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত ৷