ETV Bharat / city

ভুৱা পৰিচয়েৰে বিবাহপাশত আবদ্ধ কৰি পত্নীক হত্যা ! - বুবুল নাথৰ কন্যাক হত্যা

বটদ্ৰৱাৰ দলংঘাটত ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলুৱাই নি হত্যা কৰাৰ অভিযোগ মুছলমান যুৱকৰ বিৰুদ্ধে । কঠোৰ শাস্তিৰ দাবী ।

স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ
বটদ্ৰৱাত বিবাহিত মহিলাৰ মৃত্যু
author img

By

Published : Jul 21, 2020, 4:59 PM IST

বটদ্ৰৱা, 21 জুলাই : ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলুৱাই নি হত্যা কৰাৰ অভিযোগ মুছলমান যুৱকৰ বিৰুদ্ধে । নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীক পলুৱাই নি চাৰি মাহৰ পাছত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে । এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱাৰ দলংঘাটৰ বেলতল বড়িগাঁৱত ।

বটদ্ৰৱাত বিবাহিত মহিলাৰ মৃত্যু

ঘটনাৰ বিৱৰণী অনুসৰি,বড়িগাঁৱৰ দিন হাজিৰা কৰা বুবুল নাথ নামৰ এগৰাকী দৰিদ্ৰ লোকৰ একমাত্ৰ কন্যা আছিল প্ৰণামী দেৱী । অতি কম বয়সতে নিজ মাতৃক হেৰুওৱা প্ৰণামীক অতি কষ্টৰে পিতৃয়ে ডাঙৰ দীঘল কৰিছিল । কিন্তু দুৰ্ভগীয়া পৰিয়ালটোলৈ অমানিশা নমাই আনিলে জাজৰি মুছলমান গাঁৱৰ আমোলাপট্টিৰ এজন যুৱকে । জাজৰি মুছলমান গাঁৱৰ মুহিৰ উদ্দিন শ্বেখ ওৰফে ৰিহান নামৰ যুৱকজনে ভুৱা পৰিচয়েৰে ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যোগেদি প্ৰণামীক দিলে প্ৰেমৰ প্ৰস্তাৱ । অৱশেষত ৰিহানে 5 মাৰ্চত দেউতাকৰ অনুপস্থিতিত নিজ ঘৰৰ পৰাই পলুৱাই নিয়ে প্ৰণামীক ।

বটদ্ৰৱাত বিবাহিত মহিলাৰ মৃত্যু

ইয়াৰ পাছতে দুয়োজনে আদালতত বিবাহ সম্পন্ন কৰে ৷ কিন্তু লাহে লাহে মুহিৰ উদ্দিন শ্বেখ উৰফে ৰিহানৰ আচল পৰিচয় ওলাই পৰাত প্ৰণামীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন আৰম্ভ কৰে । এনে অমানুষিক নিৰ্যাতনৰ সন্মুখীন হৈ অৱশেষত প্ৰণামীয়ে দেউতাক আৰু সম্বন্ধীয় ককায়েকক ফোনযোগে সমগ্ৰ ঘটনা অৱগত কৰিলে । কিন্তু,দুখীয়া অসহায় পিতৃয়ে সমাজে বান্ধি দিয়া নিয়ম নেওচি যাব নোৱাৰিলে নিজ কন্যাৰ গৃহলৈ। অৱশেষত যোৱা 17 জুলাইত প্ৰণামীয়ে আত্মহত্যা কৰে বুলি খবৰ লাভ কৰে পৰিয়ালে । এই খবৰ পাই মৃত প্ৰণামীৰ পিতৃ আৰু পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি মিকিৰভেটা থানাত এজাহাৰ দাখিল কৰে ।

স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ
বটদ্ৰৱাত বিবাহিত মহিলাৰ মৃত্যু

ভাৰতীয় দণ্ডাবিধি আইনৰ 306 আইপিচি, 282/20 নম্বৰত এটি গোচৰ ৰুজু কৰি মুহিৰ উদ্দিন শ্বেখক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হয় জেল হাজোতলৈ । উল্লেখ্য যে,পৰিয়ালৰ সহযোগত মুহিৰ উদ্দিন শ্বেখে প্ৰণামীক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰণামীৰ পৰিয়ালে । মৃত প্ৰণামীৰ পিতৃ,পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে মুহিৰক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ হিন্দু যুৱকৰ ভুৱা পৰিচয় দি প্ৰেমৰ জালেৰে পলুৱাই নিয়া এনে ঘটনা প্ৰায়ে আমাৰ সমাজত সংঘটিত হৈ আহিছে । যাৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে যুৱতীসকল ।

স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ
বটদ্ৰৱাত বিবাহিত মহিলাৰ মৃত্যু

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সোণোৱালক উভতি ধৰিলে ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.