বটদ্ৰৱা, 17 জুন : মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনা কৰি একাংশ লোকে পূজা পালন কৰে ৷ ৰাজ্যত কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বটদ্ৰৱাৰ গৌৰীনাথ শিৱ মন্দিৰত শিৱ পূজা কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বাবেও এইদৰে পূজা কৰা হয় ৷
বুধবাৰে এইদৰে নগাঁও জিলাৰ চকলাঘাটৰ ঐতিহ্যমণ্ডিত গৌৰিনাথ শিৱ মন্দিৰত শিৱ পূজা আৰু হোমযজ্ঞ অনুষ্ঠিত কৰা হয় । হাতীচোং জিলা পৰিষদৰ বিজেপি দলৰ সদস্যা সীমাৰেখা ভৰালী আৰু গৌৰীনাথ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হয় এই বিশেষ পূজা । এই হোম যজ্ঞত সামাজিক দূৰত্ব বজাই ৰাখি বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা ৷ চিকিৎসকে প্ৰকাশ কৰা অনুসৰি, হিমন্ত বিশ্ব শৰ্মাৰ পেটত ষ্টোন পোৱা গৈছে ৷ যাৰ বাবেই এইদৰে মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনাৰে পূজা পালন কৰা হয় ৷
লগতে পঢ়কঃ স্বচ্ছ ভাৰত অভিযানৰ নগ্ন বাস্তৱ, অস্বাস্থ্যকৰ পৰিৱেশত চৰকাৰী কাৰ্যালয়