বটদ্ৰৱা, 22 আগষ্ট: নগাঁও চহৰৰ জাজৰিৰ বগৰিগুৰিত কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈছে কাবেৰী দাস বৰদলৈ নামৰ এগৰাকী মহিলা৷ জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ বুধবাৰে ঘৰৰ পৰা ধিং মহাবিদ্যালয়ত চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকা কাবেৰী দাস বৰদলৈ ঘৰলৈ উভতি নহা বৃহস্পতি বাৰে 12 দিন অতিক্ৰম কৰিছে৷ এজাহাৰ দাখিল কৰাৰ পাছতো মহিলা গৰাকীৰ শুং-সুত্ৰ উলিওৱাত ব্যৰ্থ হৈছে ধিং আৰক্ষী৷ পৰিয়ালৰ লোকৰ সন্দেহ অপহৰণ কৰা হৈছে দুই সন্তানৰ মাতৃ কাবেৰী দাস বৰদলৈক ৷
নগাঁৱত সন্ধানহীন মহিলা - ব্যৰ্থ ধিং আৰক্ষী
চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ ধিঙলৈ গৈছিল নিৰূদ্দিষ্ট মহিলা গৰাকীকোনো লোকে অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ৷
বটদ্ৰৱা, 22 আগষ্ট: নগাঁও চহৰৰ জাজৰিৰ বগৰিগুৰিত কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈছে কাবেৰী দাস বৰদলৈ নামৰ এগৰাকী মহিলা৷ জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ বুধবাৰে ঘৰৰ পৰা ধিং মহাবিদ্যালয়ত চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকা কাবেৰী দাস বৰদলৈ ঘৰলৈ উভতি নহা বৃহস্পতি বাৰে 12 দিন অতিক্ৰম কৰিছে৷ এজাহাৰ দাখিল কৰাৰ পাছতো মহিলা গৰাকীৰ শুং-সুত্ৰ উলিওৱাত ব্যৰ্থ হৈছে ধিং আৰক্ষী৷ পৰিয়ালৰ লোকৰ সন্দেহ অপহৰণ কৰা হৈছে দুই সন্তানৰ মাতৃ কাবেৰী দাস বৰদলৈক ৷
Body:নগাঁৱৰ জাজৰিৰ বগৰিগুৰিত চাঞ্চল্যকৰ ঘটনা । কৰ্মসস্হাপনৰ বাবে ঘৰৰ পৰা ধিঙলৈ গৈ নিৰুদ্দেশ হল মহিলা । জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ বুধবাৰে এই ঘৰখনৰ পৰাই উলাই গৈছিল নগাঁৱৰ ধিঙলৈ । কিন্তু ৰহস্যজনক ভাবে উভতি উভতি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । ১২ দিন ধৰি মহিলা গৰাকীৰ কোনো শুং-সূত্র উলিয়াব পৰা নাই আৰক্ষীয়েও । ১১ আগষ্টত কাবেৰী দাসে পুৱা নগাঁৱৰ ধিং মহাবিদ্যালয়ত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবৰ বাবে পুৱা ৬ বজাতে ঘৰৰ পৰা গৈছিল ওলায় । আৰু তেতিয়াৰ পৰাই কাবেৰী ঘৰলৈ ঘূৰি নাহে। পিছত নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত স্বামী সঞ্জীৱ বৰদলৈয়ে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মোবাইল ফোনৰ যোগাযোগ বন্ধ পায়। তাৰ পিছত বিভিন্ন পৰিয়ালৰ লগত তথা আত্মীয়ৰ লগত যোগাযোগ কৰিও কোনো খবৰ নাপাই ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকৰ সন্দেহ কোনো লোকে মহিলা গৰাকীক অপহৰণ কৰাৰ ।এতিয়া প্ৰশ্ন হয় ১২ দিন পাৰ হৈ যোৱাৰ পিছতো কিয় ধিং আৰক্ষীয়ে দুটি সন্তানৰ মাতৃ গৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে? যাক লৈ বিমোৰত পৰিছে পৰিয়ালটো ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: