চামগুৰি, 4 এপ্ৰিল : বিহুৰ বতৰত ৰাজ্য মুখৰিত হৈছে ঢোলৰ গুমগুমনি আৰু পেঁপাৰ টিঁহিটি মাত ৷ কিন্তু তাৰ মাজতেই বঢ়মপুৰৰ বামুণীত উচ্চাৰিত হৈছে দেৱী বন্দনাৰ বৈদিক মন্ত্ৰ । ৰূপালী জয়ন্তী বৰ্ষ হিচাপে বঢ়মপুৰৰ বামুণী পূজা মণ্ডপত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মাৰ্বলৰ মূৰ্তি স্থাপন কৰি দেৱীৰ স্থিৰ প্ৰাণ প্ৰতিস্থা পৰ্ব আৰম্ভ কৰিছে সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিয়ে(Bamuni Sarbojanin Durga Puja Committee) ।
সুদূৰ ৰাজস্থানৰ জয়পুৰৰ পৰা নিৰ্মাণ কৰি অনা দেৱী মাৰ মাৰ্বলৰ প্ৰতিমা ভাগ ৷ বাসন্তী পূজাৰ লগত সংগতি ৰাখি সকলো ৰীতি-নীতি পালন কৰি প্ৰায় কুৰিজন পুৰোহিতে বেদমন্ত্ৰ উচ্চাৰণৰ মাজেৰে দেৱী মাৰ মাৰ্বলৰ প্ৰতিমা ভাগ প্ৰতিষ্ঠা কৰিছে । ইতিমধ্যেই চাপানালাত ঐতিহাসিক চম্পাৱতী জলপ্ৰপাতৰ(Champawati Waterfall in Chapanala) পৰা কাহিলী পুৱাতেই প্ৰায় দুই শতাধিক মহিলাৰ সহযোগত পানী আনি সমাপন কৰা হৈছে দুৰ্গা পূজাৰ জলাৰোহন পৰ্ব ।
৫ এপ্ৰিলত সামৰণি পৰিব এই পূজা ৷ দুৰ্গাপূজা ভাগৰ মাংগলিক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও আহি আৰ্শীষ লোৱাৰ সম্ভাৱনাৰ কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে । উদ্যোক্তাসকলে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগ একান্তভাৱে কামনা কৰিছে ৷
লগতে পঢ়ক : ৰঙালীৰ বাবে ধেমাজিত দিনে-নিশাই ব্যস্ত ঢোল ব্যৱসায়ীসকল