ETV Bharat / city

ধিঙৰ এটা দৰিদ্ৰ পৰিয়াললৈ স্বৰ্ণকন্যা হিমা দাসে আগবঢ়ালে 20 হাজাৰ টকা - জীৱন

জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ধিঙৰ অতি দুখীয়া পৰিয়ালৰ এটি কিশোৰ ৷ ইফালে পুত্ৰক উন্নত চিকিৎসা কৰাবলৈ সহায়ৰ বাবে ৰাইজলৈ কৰুণ আহ্বান জনাইছে মাতৃ গৰাকীয়ে ৷

poor Family Appeal For Help in Samoguri
ধিঙৰ এটা দৰিদ্ৰ পৰিয়াললৈ স্বৰ্ণকন্যা হিমা দাসে আগবঢ়ালে 20 হাজাৰ টকা
author img

By

Published : Apr 24, 2021, 10:31 PM IST

চামগুৰি,24 এপ্ৰিল: নগাঁও জিলাৰ ধিঙৰ এটি অতি দুখীয়া পৰিয়ালৰ হৃদয় বিদাৰক কাহিনী এটা যোৱা ২০ এপ্ৰিলত সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল ৷ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে দৃষ্টিগোচৰ হয় ধিঙৰ জীয়াৰী তথা স্বৰ্ণকন্যা ধিং এক্সপ্রেছ হিমা দাসৰ ৷ বৰ্তমান নিজ গৃহত উপস্থিত নাই যদিও হিমাই ফোনযোগে সকলো খবৰ লৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ ৷

অকল খবৰ লোৱাই নহয়, হিমা দাসৰ ফেন ক্লাৱৰ কৰ্মকৰ্তা সকলৰ জৰিয়তে তাৎক্ষণিকভাৱে বিশ হাজাৰ টকা প্ৰদান কৰে মাতৃ গৰাকীক ৷ পিচৰ পৰ্যায়তো নিপুলৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগীতা আগবঢ়াব বুলি স্বৰ্ণকন্যা হিমা দাসে সদৰি কৰে ৷ আনহাতে, স্থানীয় মহিলাসকলেও ঘৰে ঘৰে গৈ ৰাইজৰ পৰা দান-বৰঙনি সংগ্ৰহ কৰি দুৰ্ভগীয়া মাতৃ গৰাকীৰ হাতত প্ৰদান কৰিছে ৷

ধিঙৰ এটা দৰিদ্ৰ পৰিয়াললৈ স্বৰ্ণকন্যা হিমা দাসে আগবঢ়ালে 20 হাজাৰ টকা

ইফালে ঘটনা অনুসৰি, স্বামী প্ৰবীন বৰা মৃত্যুৰ দুটা সপ্তাহ পাৰ নহওতেই কনমানি পুত্ৰৰ মগজুৰ জটিল ৰোগত আক্ৰান্ত হোৱাত গুৱাহাটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল মাতৃ গীতাঞ্জলী বৰাই ৷ ইফালে পুত্ৰক উন্নত চিকিৎসা কৰাবৰ বাবে প্ৰয়োজন হৈছে লক্ষ্যাধিক টকা ৷ ধনৰ অভাৱত পৰি অৱশেষত সংবাদ মাধ্যমযোগে ৰাইজ তথা চৰকাৰলৈ পুনৰ কাতৰ আহ্বান জনাইছে গীতাঞ্জলী বৰাই ৷

লগতে পঢ়ক-ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.