ETV Bharat / city

কামপুৰত পৰম্পৰাগত সমূহীয়া বৰভোজ - বঢ়মপুৰ

মাঘৰ মাহটোত মধ্য অসমৰ প্ৰতিখন গাঁৱৰ লোকে সমূহীয়াকৈ লগ হৈ মুকলি পথাৰত এসাঁজ লগে ভাগে ভোজ ভাত খোৱাতো এটা পৰম্পৰা ৷ সমান্তৰালকৈ কামপুৰত পৰম্পৰাগতভাৱে আজি সমূহীয়া বৰভোজৰ আয়োজন কৰে ৰাইজে ।

BHOGALI BIHU CELEBRATION AT KAMPUR_
কামপুৰত পৰম্পৰাগত সমূহীয়া বৰভোজ
author img

By

Published : Jan 23, 2021, 7:52 PM IST

বঢ়মপুৰ, 23 জানুৱাৰী: ভোগালী মানেই ভোগ। ভোগালী বিহুৰ পাছৰ পৰা মাঘৰ মাহটোত মধ্য অসমৰ প্ৰতিখন গাঁৱৰ লোকে সমূহীয়াকৈ লগ হৈ মুকলি পথাৰত এসাঁজ ভোজ ভাত খোৱাৰ এটা পৰম্পৰা চলি আহিছে ৷ প্ৰত্যেকখন গাঁৱৰে ৰাইজে একেলগে মিলা-প্ৰীতিৰে বসবাস কৰি থকাৰ উদ্দেশ্যৰে বৰভোজৰ আয়োজন কৰে । ঠিক একেদৰে আজি নগাঁও জিলাৰ তুলসীমুখ দেউৰী পমুঐ গাঁৱৰ লোক সকলেও এই পৰম্পৰা অব্যাহত ৰাখি সমূহিয়া বৰভোজৰ আয়োজন কৰে ।

কামপুৰত পৰম্পৰাগত সমূহীয়া বৰভোজ

গাওঁখনৰ শিশু সকলকে ধৰি ডেকা বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে শুকুৰবাৰে লক্ষী পথাৰত একত্ৰিত হৈ আয়োজন কৰিলে বৰভোজৰ। সকলোৱে হাতে কামে লাগি মাছ মঙহৰে এসাঁজ খোৱাৰ লগতে নাচি বাগি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে । ইফালে পূৰ্বৰ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি ভোজ পাতৰ পৰিবৰ্তে কলগছৰ দোনা সাজি ভোজ খোৱাৰ ব্যৱস্থা কৰিছে ৰাইজে । তাৰোপৰি অদূৰ ভবিষ্যতেও তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি মাঘ মাহত এনেকৈ সমূহিয়াভাৱে ভোজ খোৱা পৰ্বটো অটুত ৰাখিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৰাইজে ৷

BHOGALI BIHU CELEBRATION AT KAMPUR
কামপুৰত পৰম্পৰাগত সমূহীয়া বৰভোজ

লগতে পঢ়ক-73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.