নগাঁও, 21 ডিচেম্বৰ : নিৰ্বাচনী প্ৰচাৰৰ পিছত এইবাৰ আঙুৰলতা ডেকা ব্যস্ত সমষ্টি উন্নয়নত । সদায় ব্যতিক্রমী ৰূপত দেখা পোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা সোমবাৰে সমষ্টি উন্নয়নৰ বাবে দিনটো ব্যস্ত হ'ল ৰাইডঙীয়া আৰু আইভেটি পঞ্চায়তত ।
বটদ্রৱা সমষ্টিৰ ৰাইডঙীয়া আৰু আইভেটি পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও গুৰুত্বপূর্ণ স্থানত আঙুৰলতা ডেকাই ৯ লক্ষ টকাৰ অনুদান আগবঢ়ায় । আইভেটি পঞ্চায়তৰ ঐতিহাসিক শলগুৰি নসত্ৰ ভৱনত ৫ লাখ টকাৰ আধাৰশিলা স্থাপন কৰা পিছতে এটা পুথিভঁৰালতো অনুদান আগবঢ়োৱা লগতে আৰু কেইবাটাও নামঘৰত ১লাখ টকাৰ এখনকৈ চেক আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল ।
এনেদৰেই ৰাইডঙীয়া আৰু আইভেটি পঞ্চায়তত দিনযোৰা কাৰ্যসূচীৰে ব্যস্ত হোৱা দেখিবলৈ পোৱা গ'ল আঙুৰলতা ডেকাক । কৰণা ভাইৰাচৰ কাৰণে কিছু হ'লেও উন্নয়নৰ ক্ষেত্রত পিছুৱাই যাব লগা হ'ল বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়িকা গৰাকীয়ে ।
লগতে পঢ়ক : মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !