ETV Bharat / city

গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ! - স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত বাধা

বিধায়ক আমিনুলৰ বিৰুদ্ধে উত্থাপন হৈছিল দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ । এ আই ইউ ডি এফৰ সভাত দুই ফৈদৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা । নগাঁও সদৰ থানাত উভয় পক্ষৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত বাধা প্ৰদানৰো অভিযোগ দলীয় কৰ্মীৰ । যাৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ।

গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম !
author img

By

Published : Aug 29, 2019, 4:55 PM IST

নগাঁও,29আগষ্টঃ অচিৰেই গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । কিয়নো বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত ৰুজু হৈছে গোচৰ । বুধবাৰে এ আই ইউ ডি এফ দলৰ সভাত সংঘটিত মাৰপিটৰ ঘটনাক লৈ বৰ্তমানো অব্যাহত চাঞ্চল্য । এ আই ইউ ডি এফ দলৰ এক সভাত বিধায়ক আমিনুল ইছলাম আৰু আন এক ফৈদৰ মাজত সংঘটিত হৈছিল আক্ৰমণ-প্ৰত্যাক্ৰমনৰ ঘটনা । এই সংঘৰ্ষত আহত হৈছিল দুয়ো ফৈদৰ কেইবাজনো দলীয় কৰ্মী । যাৰ ফলত ৰক্তাক্ত হৈ পৰিছিল সভাস্থলী । এই ঘটনাৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাত দুয়ো পক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যেই ৰুজু হৈছে গোচৰ । দলটোৰ নগাঁও জিলা সমিতিৰ নেতা মোবাৰক আলীয়ে বিধায়ক আমিনুল ইছলাম সহ কেইবাজনো লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছে এজাহাৰ । ইপিনে আমিনুল ইছলামৰ পক্ষৰ হৈ দলটোৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাই দাখিল কৰা এজাহাৰৰ ভিত্তিত নুৰুল আমিন চৌধুৰী, মোবাৰক আলী আৰু হবিবুৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈছে আন এটা গোচৰ ।

গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম !

কেৱল এয়াই নহয় বিধায়ক আমিনুল ইছলাম আৰু এ আই ইউ ডি এফ নেতা চম্পক কলিতাৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে উত্থাপন কৰিছে আন এক বিস্ফোৰক অভিযোগ। বিগত স্বাধীনতা দিৱসত দলটোৰ নগাওঁ জিলা কাৰ্যালয়ত পতাকা উত্তোলনত বাধা প্ৰদানৰ অভিযোগ আমিনুল ইছলাম আৰু চম্পক কলিতাৰ বিৰুদ্ধে। বুধবাৰে অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ সভাত দলীয় কৰ্মী মোবাৰক আলীয়ে স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা নুৰুল আমিন চৌধুৰীক আমন্ত্ৰণ নকৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই লংকাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ মোবাৰক আলীৰ।

Intro:গ্ৰেপ্তাৰ হব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম। বিধায়ক আমিনুলৰ বিৰুদ্ধে উত্থাপন হৈছিল দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ। এ আই ইউ ডি এফৰ সভাত দুই ফৈদৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। নগাওঁ সদৰ থানাত উভয় পক্ষৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত বাধা প্ৰদানৰো অভিযোগ দলীয় কৰ্মীৰ। আমিনুলৰ বিৰুদ্ধে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি প্ৰত্যাহ্বান দলীয় কৰ্মীৰ।

Body:অচিৰেই গ্ৰেপ্তাৰ হব পাৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগত নগাওঁ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত ৰুজু হৈছে গোচৰ। বুধবাৰে এ আই ইউ ডি এফ দলৰ সভাত সংঘটিত মাৰপিটৰ ঘটনাক লৈ আজিও অব্যাহত চাঞ্চল্য। এ আই ইউ ডি এফ দলৰ এক সভাত বিধায়ক আমিনুল ইছলাম আৰু নুৰুল আমিন চৌধুৰীৰ ফৈদৰ মাজত সংঘটিত হৈছিল আক্ৰমণ প্ৰত্যাক্ৰমনৰ ঘটনা। আহত হৈছিল দুয়ো ফৈদৰ কেইবাজনো দলীয় কৰ্মী। ৰক্তাক্ত হৈ পৰিছিল সভাস্থলী। এই ঘটনাৰ পিছতেই নগাওঁ সদৰ আৰক্ষী থানাত দুয়ো পক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যেই ৰুজু হৈছে গোচৰ। দলটোৰ নগাওঁ জিলা সমিতিৰ নেতা মোবাৰক অলীয়ে বিধায়ক আমিনুল ইছলাম সহ কেইবাজনো লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছে এজাহাৰ। এই এজাহাৰৰ ভিত্তিত নগাওঁ সদৰ থানাত বিধায়ক আমিনুল সহ পাঁচজনকৈ লোকৰ বিৰুদ্ধে ২৪৮০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/৩৪২/৩২৫ ধাৰাত ৰুজু হৈছে গোচৰ। ইপিনে আমিনুল ইছলামৰ পক্ষৰ হৈ দলটোৰ নগাওঁ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাই দাখিল কৰা এজাহাৰৰ ভিত্তিত নুৰুল আমিন চৌধুৰী, মোবাৰক আলী আৰু হবিবুৰ ৰহমানৰ বিৰুদ্ধে ২৪৮২/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১০৯/৪৪৮/৩২৫/৩২৪ ধাৰাত ৰুজু হৈছে আন এটা গোচৰ।
bite, মোবাৰক আলী।
vo. কেৱল এয়াই নহয় বিধায়ক আমিনুল ইছলাম আৰু এ আই ইউ ডি এফ নেতা চম্পক কলিতাৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে উত্থাপন কৰিছে আন এক বিস্ফোৰক অভিযোগ। বিগত স্বাধীনতা দিৱসত দলটোৰ নগাওঁ জিলা কাৰ্য্যালয়ত পতাকা উত্তোলনত বাধা প্ৰদানৰ অভিযোগ আমিনুল ইছলাম আৰু চম্পক কলিতাৰ বিৰুদ্ধে। বুধবাৰে অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ সভাত দলীয় কৰ্মী মোবাৰক অলীয়ে স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা নুৰুল আমিন চৌধুৰীক আমন্ত্ৰণ নকৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই লংকাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ মোবাৰক আলীৰ।
bite.
vo, সমগ্ৰ ঘটনা বিজেপিৰ এজেন্টে সংঘটিত কৰা বুলি বিধায়ক অমিনুলে কৰা অভিযোগ খণ্ডন কৰি আমিনুলক মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰি প্ৰত্যাহ্বান জনাই দলীয় কৰ্মীয়ে। লগতে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰে।
bite- কৰ্মী

Conclusion:বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীক লৈয়েই সৃষ্টি হোৱা বিতৰ্কৰ পিছত এইবাৰ মুখ খুলিছে নুৰুল আমিন চৌধুৰীয়েও। বিগত লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ দলে নগাওঁ , কলিয়াবৰত প্ৰাৰ্থী নিদিয়াৰ বাবেই অগপ বিজেপি দলক সমৰ্থন কৰাৰ কথা স্বীকাৰ কৰিছে নুৰুল আমিন চৌধুৰীয়ে। নুৰুল আমিন চৌধুৰীকো বিজেপিৰ এজেন্ট বুলি আমিনুল ইছলামে অভিযোগ কৰাৰ পিছত নিজকে এ আই ইউ ডি এফ দলৰে নেতা বুলি দাবী কৰিছে নুৰুল আমিন চৌধুৰীয়ে।
bite-
---------------------------------/-----------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৯-৮-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.