নগাঁও, 21 এপ্ৰিল : নগাঁৱত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ(Assam police encounter) । এইবাৰ এটি শিশু ধৰ্ষণৰ অভিযুক্তক এনকাউণ্টাৰ কৰিলে নগাঁৱৰ বটদ্ৰৱা আৰক্ষীয়ে(Rapist injured in police encounter) । বটদ্ৰৱাৰ ৰামপুৰ পামগাঁৱত ১৯ এপ্ৰিলত এটি চাৰিবছৰীয়া শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত ইদ্ৰিছ আলিক বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
১৯ এপ্ৰিলৰ দুপৰীয়া ৰামপুৰ পামগাঁৱৰ এগৰাকী তিনি বছৰীয়া শিশুক আচাৰ খাবলৈ দিম বুলি ফুচুলাই ঘৰত সোমাৱাই এই ঘৃণনীয় কাৰ্য কৰাৰ অভিযোগ আহিছিল ইদ্ৰিছ আলিৰ বিৰুদ্ধে । এই ঘটনা পোহৰলৈ অহাৰ পাছত শিশুটিৰ মাতৃ তথা পৰিয়ালৰ লোকে অভিযুক্তৰ ফাঁচীৰ দাবী তুলিছিল ।
শিশুটিৰ পৰিয়ালৰ অভিযোগ ভিত্তিত তদন্ত কৰি বুধবাৰে সন্ধিয়া বটদ্ৰৱা আৰক্ষীয়ে ইদ্ৰিছ আলিক আটক কৰিছিল ৷ ইদ্ৰিছ আলিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত শৌচ কৰাৰ বাবে কেইবাবাৰো অনুৰোধ কৰাত আৰক্ষীয়ে শৌচাগাৰলৈ সোমাবলৈ দিছিল ৷
ধৃত ইদ্ৰিছ আলীয়ে শৌচাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰাত বটদ্ৰৱা আৰক্ষীয়ে তেওঁলৈ গুলিয়াবলৈ বাধ্য হয় । আৰক্ষীৰ গুলীত আহত হয় ইদ্ৰিছ আলি ৷ আহত ইদ্ৰিছ আলিক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : Crime statistics in Assam: আৰক্ষীৰ কঠোৰ অভিযানে ৰুধিব পৰা নাই অপৰাধীক