ৰহা, 21 জুন : আজি বিশ্ব যোগ দিৱস ৷ বিশ্ব যোগ দিৱসৰ দিনটোত ময়ুৰসান কৰি বিশ্ব অভিলেখ গঢ়িলে ৰহাৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰই । পদ্ম ময়ুৰাসন কৰি চলান বুক অৱ ৰেকৰ্ড (Cholan Book of World Record) ত নিজৰ নাম লিপিবদ্ধ কৰিলে ৰহাৰ অভিজ্ঞান নাথ নামৰ এই ছাত্ৰজনে । একেৰাহে ৬ মিনিট পদ্ম ময়ুৰাসন কৰি এই অভিলেখ গঢ়িলে ৰহা ৰজাগাঁৱৰ নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ পুত্ৰ অভিজ্ঞানে ।
পূৰ্বতে এই অভিলেখৰ শীৰ্ষত আছিল ভাৰতৰে কানপুৰৰ ছুজি পবিথৰণৰ নাম । সোমবাৰে ছলান বুক অব ৰেকৰ্ড (Cholan Book of World Record) ৰ অসম শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়াৰ উপস্থিতিত এই অভিলেখ গঢ়িলে দহ বছৰীয়া অভিজ্ঞানে । অভিজ্ঞানৰ এই সাফল্যত ৰহাৰ সকলো লোকে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।
পদ্ম ময়ুৰাসনৰ উপৰিও অভিজ্ঞানে যোগৰ বিভিন্ন আসনৰ ক্ষেত্ৰত আছে পাৰদৰ্শিতা ৷
ইয়াৰ পূৰ্বে বিগত জানুৱাৰী মাহৰ সাত তাৰিখে অভিজ্ঞানৰ জ্যেষ্ঠ ভগ্নী স্তুতি দেৱীয়েও চক্ৰাসন দুই মিনিটত এশ মিটাৰ অতিক্ৰম কৰি ছলান বুক অব ৰেকৰ্ড(Cholan Book of Record) ত বিশ্ব অভিলেখ গঢ়ি থৈছে ।
উল্লেখ্য যে, 21 জুন তাৰিখে ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ লগত সংগতি ৰাখি যোগৰ কাৰ্যসূচী পালন কৰা হৈছিল ৷
লগতে পঢ়ক : বঢ়মপুৰত শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ