ৰহা, 26 আগষ্ট : অঘটন ! ঘৰলৈ বুলি ছুটি লৈ আহি আৰু যোৱা নহ’ল শংকৰজ্যোতি নাথৰ ৷ ল’ৰাটো আহিব বুলি বাট চাই চাই এতিয়া চকুলো টুকিছে শংকৰৰ পৰিয়াল তথা আত্মীয়ই ৷ কিয়নো ল’ৰাটো যে আদবাটৰ পৰাই গ’ল গৈ নেদেখাজনৰ কাষলৈ ৷
ঘটনাৰ স্থান চাপৰমুখ ৰে’ল জংচন ৷ তথ্য় অনুসৰি, মঙলবাৰে নিশা চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু ঘটে শংকৰজ্যোতি নাথ নামৰ অসম আৰক্ষীত কৰ্মৰত ১৫ নং বেটালিয়নৰ জোৱানগৰাকীৰ ৷ মৃত জোৱানগৰাকীৰ ঘৰ নগাঁৱৰ চামগুৰিত বুলি জানিব পৰা গৈছে ৷
কৰিমগঞ্জত অসম আৰক্ষীৰ ১৫ নং বেটালিয়নত কৰ্মৰত হৈ আছিল জোৱানজন ৷ বহুদিনৰ মূৰত আপোন ঘৰখনলৈ বুলি নামনিমুৱা শিলচৰ এক্সপ্ৰেছেৰে আহি আছিল শংকৰে । কিন্তু চাপৰমুখ ষ্টেচনত ৰেলখনৰ ষ্ট’পেজ নথকাৰ বাবে কিছুদূৰ যোৱাৰ পিছতহে জোৱানজনে ৰে'লখনৰ পৰা জাপ মাৰি নমাৰ চেষ্টা কৰে ৷ কিন্তু তাতেই সংঘটিত হয় অঘটনটো ৷
চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু ঘটে জোৱান শংকৰজ্যোতি নাথৰ ৷ পৰৱৰ্তী সময়ত চাপৰমুখ ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে জোৱানগৰাকীৰ মৃতদেহ ৷ বুধবাৰে পুৱা চাপৰমুখ ৰে'ল আৰক্ষীয়ে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে মাজুলীত সৰ্বানন্দ সোণোৱাল