তিতাবৰ,2 আগষ্ট: ‘‘অসমত নচলিব বঙালীগিৰি নাইবা অন্য গিৰি ৷ অসমত চলিব কেৱল অসমীয়াগিৰি ৷’’ বঙালী ফেডাৰেশ্বনক হুংকাৰ তিতাবৰ বীৰ লাচিত সেনাৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে তিতাবৰ চহৰৰ মাজ মজিজাত প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ শাখাৰ বীৰ লাচিত সেনাই ৷
কিছুদিন পূৰ্বে শিৱসাগৰৰ এগৰাকী বিধৱা মহিলাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত মাত মাতিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷ অভিযোগ অনুসৰি, ননী দেৱী নামৰ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল'ব বিচৰিছিল ৷ সেই সময়তে মহিলা গৰাকীৰ কাষত ঠিয় দিছিল বীৰ লাচিত সেনা ৷
অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী কৰি দিবলৈ দাবী কৰে সংগঠনটোৱে ।
![veer lachit sena protest against bengali federation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12946166_lachit.jpg)
লগতে পঢ়ক: দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই
বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ব্যৱসায়ী গৰাকীক বিভিন্ন ধৰণে সকিয়নীও প্ৰদান কৰিছিল ৷ সবিস্তাৰে সেই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বেংগলী ফেডাৰেচনে ৷ ইয়াৰ লগতে শৃংখল চলিহাই বঙালী-অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে বেংগলী ফেডাৰেচনে ৷
![veer lachit sena protest against bengali federation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12946166_lachit-2.jpg)
আনকি এই লৈ শৃংখল চলিহাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল বেংগলী ফেডাৰেচনে ৷ শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনৰ এনে স্থিতিক কেন্দ্ৰ কৰিয়ে উত্তপ্ত হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিতাবৰতো বীৰ লাচিত সেনাই বুধবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷
লগতে পঢ়ক: লখিমপুৰত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ
তিতাবৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী সদস্যসকলে শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ নকৰিলে অসম ৰক্তাক্ত কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাই । বুধবাৰে তিতাবৰ নগৰৰ মাজমজিয়াত বীৰ লাচিত সেনাৰ তিতাবৰ আঞ্চলিক সমিতিয়ে বেংগলী ফেডাৰেশ্বনৰ সভাপতি দীপক দে আৰু প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
বেংগলী ফেডাৰেশ্বন হুচিয়াৰ, দীপক দে মূর্দাবাদ, প্ৰদীপ দত্ত ৰায় হুচীয়াৰ আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰে তিতাবৰ নগৰৰ মাজ মজিয়া । অতি শীঘ্ৰে শৃংখল চলিহাৰ ওপৰত তৰা গোচৰ উঠাই নল’লে বীৰ লাচিত সেনাই সমগ্ৰ অসমতে গণতান্ত্ৰিক ভাৱে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি