ETV Bharat / city

যোৰহাটত আবতৰীয়া বান: আক্ৰান্ত বহু গাঁও

author img

By

Published : Oct 28, 2019, 1:38 PM IST

ভোগদৈ নৈয়ে নিদ্ৰা হৰণ কৰিছে উত্তৰ-পশ্চিম যোৰহাটবাসীৰ ৷ অহৰহ ভোগদৈ নৈৰ পানী সোমোৱাৰ ফলত ঘৰ,পথাৰ,পথ আদিৰ অৱস্থা শোচনীয় হৈ পৰিছে অঞ্চলটোত ৷

যোৰহাটত আবতৰীয়া বান

যোৰহাট, 28 অক্টোবৰ : বিগত মে' মাহৰ পৰা ৰাজ্যখনৰ প্ৰথমটো বানৰ কবলত পৰা যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ-পশ্চিম যোৰহাটবাসীৰ নিদ্ৰা হৰণ কৰিছে ভোগদৈ নৈয়ে ৷ সমগ্ৰ ৰাজ্য উৎসৱৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে বানৰ ফলত কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজ এতিয়া কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে ৷ উল্লেখযোগ্য যে,ভোগদৈৰ দাতিকাষৰীয়া বহু অঞ্চল বৰ্তমানেও বানৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই ৷ অহৰহ ভোগদৈ নৈৰ পানী সোমোৱাৰ ফলত ঘৰ,পথাৰ,পথ আদিৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷

যোৰহাটত আবতৰীয়া বানত বুৰ গ'ল বহু কেইখন গাঁও

ইমানৰ পাচতো জলসম্পদ বিভাগে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ বিভাগটোৰ হেমাহিৰ ফলত মালৌখাতবাসীৰ বাবে ভোগদৈ বৰ্তমান অভিশাপলৈ পৰিণত হৈছে ৷ একমাত্ৰ জলসম্পদ বিভাগৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজিলৈকে নিৰ্মাণ হোৱা নাই মালৌখাতৰ কাষেদি বৈ যোৱা ভোগদৈৰ ছিগা মথাউৰিটো ৷

Intro:আবতৰীয়া বানত সুচনীয় অৱস্থা উত্তৰ পশ্চিম যোৰহাটত।।কান সাৰ নাই বিধায়ক তথা জলসম্পদ বিভাগৰ।।কুম্ভকৰ্ণ নিন্দাত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী।Body:বিগত মে মাহৰ পৰা ৰাজ্যখনৰ প্ৰথমটো বানৰ কৱলত পৰা যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাটত এতিয়া ৰাইজৰ চকুপানী হৈ পৰিছে ভৌগদৈ নদী।সমগ্ৰ ৰাজ্য উৎসৱ আনন্দত মতলীয়া হোৱাৰ সময়ত উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ চকুত নাই টোপনি।কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজ এতিয়া কিংকত্যব বিমুখ।উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলত এতিয়াও বানৰ পৰিস্থিতিৰ উন্নত হোৱা নাই।অহৰহৰ ভোগদৈ পানী খোমাই থকাৰ ফলত গৃহ,পথাৰ, পথ আদি অৱস্থা শোচনীয়।কিন্তু ইমানখিনি হোৱাৰ পাছতো একমাত্ৰ জলসম্পদ বিভাগৰ হেমাহী বাবেই এতিয়া ভৌগদৈ আৰ্শীবাদ নহয় অভিসাপ হৈ পৰিছে মোলৌখাত অঞ্চলৰ বাবে।আনকি বাতৰি সংগ্ৰহ কৰিব বিচাৰে লে কব নিবিচাৰে ৰাইজে।আশা ভৰষা বাদ দি এতিয়া নেদেখা জনৰ ওচৰত হে প্ৰাৰ্থনা।আৰু যাতে ভোগদৈ পানী নাবাঢ়ে।Conclusion:একমাত্ৰ সদিচ্ছাৰ অভাৱৰ বাবে এতিয়া উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ অৱস্থা শোচনীয় হৈ পৰিছে।কেতিয়া নিৰ্মাণ হব ছিগা মাথাউৰি।ইয়াক লৈ ৰাইজৰ প্ৰশ্ন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.