টীয়ক, 30 মে' : যোৰহাট জিলাৰ টীয়কত কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অঘটন ৷ স্বাস্থ্য কেন্দ্ৰৰ আশাকর্মীক অপহৰণৰ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে ৷
যোৰহাট জিলাৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰাজৈ ১০ নং আৰু ৮ নং ৱাৰ্ডৰ নিকু হাজৰিকা নামৰ এগৰাকী আশাকৰ্মীক এজন যুৱকে অশ্লীল গালি পাৰি ঘৰৰ পৰা অপহৰণ কৰি নিয়াৰ ভাবুকি দিয়াৰ অভিযোগ কৰে ৷ ঘটনা অনুসৰি ৰাকেশ গুপ্তা নামৰ যুৱকজনে নগাঁৱৰ এজন লোকক কোৱাৰেণ্টাইন কেম্পৰ পৰা ৰাজৈত থকা নিজা ঘৰলৈ আনিছিল । সেই সময়ত আশাকর্মী নিকু হাজৰিকা আৰু স্থানীয় ৱাৰ্ড সদস্য আৰু কমিটীৰ বিষয়ববীয়াসকল গুপ্তাৰ ঘৰত উপস্থিত হয় আৰু যুৱকজনক এসপ্তাহ হোম কোৱাৰেন্টাইন হ'বলৈ পৰামৰ্শ দিয়ে ।
উক্ত কথাষাৰতেই ক্ষুব্ধ হৈ যুৱকজনে আশাকর্মীগৰাকীক নানা অশ্লীল বাক্য কোৱাৰ উপৰিও খেদি পঠায় । ইমানতো ক্ষান্ত নাথাকি আশাকর্মী গৰাকীৰ ঘৰৰ পদুলিত ৰাকেশ গুপ্তা উপস্থিত হৈ গাড়ীত উঠাই নিয়াৰ ভাবুকি প্ৰদান কৰে । এই ঘটনা সংক্ৰান্তত আশা কর্মী নিকু হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু অতি শীঘ্ৰে কৰায়ত্ব কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে ।
লগতে পঢ়ক-লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ