ETV Bharat / city

ব্যৱসায়িক স্বাৰ্থত ঢেকীয়াখোৱা বৰনামঘৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে যুৱকৰ দলে

author img

By

Published : Sep 8, 2022, 10:38 PM IST

যোৱা ৬ চেপ্তেম্বৰ দেওবাৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ একাংশ দুষ্ট চক্ৰই এক ৱেব পেজত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ৷ সেই সংক্ৰান্তত আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত এখনি সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ প্ৰকাশ কৰিছে (Historical dhekiakhowa bornamghar)।

rumor on historical dhekiakhowa bornamghar

টীয়ক, 8 ছেপ্টেম্বৰ: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ একাংশ দুষ্ট চক্ৰই এটা ৱেব পেজত চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পৰিচালনা সমিতিৰ (Rumor on historical dhekiakhowa bornamghar)৷ যোৱা ৬ চেপ্তেম্বৰ দেওবাৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ একাংশ দুষ্ট চক্ৰই এক ৱেব পেজত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ৷ সেই সংক্ৰান্তত আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত এখনি সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ প্ৰকাশ কৰিছে (Historical dhekiakhowa bornamghar)।

নামঘৰ পৰিচালনা সমিতিয়ে জনোৱা মতে, উক্ত দিনা যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম ঘটিছিল নামঘৰ প্ৰাংগণত । সেয়ে দৰ্শনাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনে নামঘৰলৈ যোৱা মূল পথটো বন্ধ কৰি আইন শৃংখলা অটুত ৰখাৰ স্বাৰ্থত অন্য এটা উপ পথ মুকলি কৰি দিছিল ৷ ফলত অঞ্চলৰ একাংশ যুৱকে প্ৰশাসনৰ বিনা অনুমতিত কেৱল ব্যৱসায়িক স্বাৰ্থত পতা পাৰ্কিঙৰ ব্যৱসায়ৰ ওপৰত ইয়াৰ পৰে (Parking in Dhekiakhowa Bornamghar) ৷

ঢেকীয়াখোৱা বৰনামঘৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে যুৱকৰ দলে

তাৰ পাচতেই নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে এই উদণ্ড যুৱকৰ দলে নামঘৰ প্ৰাংগণলৈ আহি নামঘৰ পৰিচালনা সমিতিক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী-ধমকি দিয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা জিলা উপায়ুক্তকো সাঙুৰি এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে (Tense situation in Dhekiakhowa Bornamghar) ৷

যুৱকৰ দলটোৱে সামাজিক মাধ্যমত নামঘৰ পৰিচালনা সমিতি আৰু প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে বিৰোপ মন্তব্য আগবঢ়াইছিল । ইপিনে সামাজিক মাধ্যমত নিদিষ্ট এটা ৱেব পেজত উক্ত ঘটনাটো সম্প্ৰচাৰ হোৱাৰ লগে লগে নামঘৰ পৰিচালনা সমিতিৰ লগতে ঢেকীয়াখোৱাবাসী জাঙুৰ খাই উঠে ৷ লগে লগে ৰাজহুৱা সভা আহ্বান কৰি উক্ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা যুৱকসকলক কি কাৰণে এনে কৰিবলগীয়া পৰিস্থিতি হ'ল তাৰ ওপৰত প্ৰশ্ন কৰে ৷

শেষত নিদিৰ্ষ্ট যুৱককেইজনে ৰাইজৰ আগত নিজৰ ব্যৱসায়িক স্বাৰ্থতে এনে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি ক্ষমা বিচাৰে । আজি এইসকল উদণ্ড যুৱক সংবাদ মেলত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত নিজৰ ভুল পুনৰ স্বীকাৰ কৰি সদৌ অসমবাসীৰ আগত ক্ষমা বিচাৰি প্ৰৰ্থনা জনায় ।

ইপিনে ৰাজহুৱা সভাই উক্ত ৱেব পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে । লগতে ঢেকীয়াখোৱা ব্যৱসায়ী সন্থা তথা স্থানীয় সচেতন সমাজেও এই উদণ্ড যুৱকৰ দলটোৱে কেৱল টকাৰ লালসাত ব্যৱসায়ৰ নামত ঐতিহাসিক পীঠক লৈ কৰা এনে চক্ৰান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে । পাৰ্কিঙৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে বিনামূলীয়াকৈ বহু উপযুক্ত স্থানৰ ব্যৱস্থা কৰি থোৱা হেতুকে সকলো দৰ্শনাৰ্থীকে উক্ত স্থান পাৰ্কিং কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: অসম চৰকাৰৰ চাকৰিৰ নিযুক্তিত ধন দাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.