টীয়ক, 25 জুলাইঃ যোৰহাট টীয়কৰ দক্ষিণ দুলীয় গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালে কন্যাৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে হালৰ গৰু,মাটিবাৰী বিক্ৰী কৰি সকলো শেষ কৰিলে দৰিদ্ৰ পৰিয়ালটোৱে ৷
যোৰহাট টীয়কৰ দক্ষিণ দুলীয় গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল ভদ্ৰেশ্বৰ বৰাৰ জীয়ৰী পূৰৱী নামৰ ছোৱালী জনীৰ বিয়াৰ বাবে বহাগৰ 21 তাৰিখে সম্পূৰ্ণ জা-যোগাৰ কৰিছিল । কিন্তু দেশত চলি থকা লক ডাউনৰ বাবে আহাৰ মাহৰ ১৫ তাৰিখলৈ বিয়াখন পিছুৱাই দিয়া হয়। সকলো ঠিকেই আছিল,পিছে বিয়ালৈ একসপ্তাহ থকাৰ সময়তে কইনা পূৰৱীৰ শৰীৰ কিছু অসুস্থ হোৱাত চিকিৎসকৰ পৰামৰ্শ মতে সকলো পৰীক্ষা কৰাত দুৰ্ভগীয়া পূৰবীৰ দেহত ধৰা পৰে এক জটিল দুৰাৰোগ্য ৰোগ ৷
ফলত অতি দৰিদ্ৰ পৰিয়ালটোলৈ নামি আহিছে ভীষণ অমানিশা ৷ পিতৃ পেছাত এজন কাঠমিস্ত্ৰী, সাচতীয়া সকলো ধন বিয়া আৰু তাৰ পাছত চিকিৎসাৰ বাবদ খৰচ কৰি আজি কন্যাৰ উন্নত চিকিৎসা কৰিব নোৱাৰি হিয়া ঢাকুৰি কান্দিছে পৰিয়ালটোৱে ৷ সেয়ে পৰিয়ালটিয়ে মৰমৰ নুমলীয়া জীৰ জীৱন ৰক্ষাৰ বাবে এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে। কোনো সদাশয় ব্যক্তি তথা অনুষ্ঠানে যদি এই দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টীয়কৰ শাখাৰ মাতৃ ৰুণু বৰাৰ একাউন্ট নম্বৰ 36887367258 IFSC SBIN000001718 অথবা 9859351011 নম্বৰত যোগাযোগ কৰিবলৈ কৰযোৰে অনুৰোধ জনাইছে ।
লগতে পঢ়ক- প্ৰসৱৰ ডেৰ মাহ পিছত প্ৰসূতিৰ দেহৰ পৰা ওলাল তুলা বেণ্ডেজ