ETV Bharat / city

আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি তাইক মুক্তি দিয়ক: বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ

author img

By

Published : Jul 13, 2022, 8:35 PM IST

ফেচবুকত এটা পোষ্ট লিখি দুমাহ কাৰাগাৰত বন্দী টীয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী (Barshashree Burhagohain in jail) ৷ অহা ১৬ জুলাইৰ পৰা তেওঁৰ ষান্মাসিক পৰীক্ষা ৷ ছাত্ৰীগৰাকীক শীঘ্ৰেই মুক্তি দি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ ৷

Barshashree Burhagohain in jail
Barshashree Burhagohain in jail

টীয়ক, 13 জুলাই: ‘‘মোৰ বুকুৰ ছোৱালীক মই জানো, তাই তেনেকুৱা মনৰ ছোৱালী নহয় ৷ গতিকে তাইক মুকলি কৰি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিয়ক ৷’’ দুমাহ পাৰ হ’বৰ হ’ল, চেনেহৰ জীয়ৰীজনী জে’লত আছে ৷ মাকৰ মনেৰে তাই কোনো দোষ কৰা নাছিল ৷ কিন্তু প্ৰশাসনৰ চকুত তাই হৈ পৰিল অপৰাধী ৷ এটা ফেচবুক পোষ্টৰ বাবে দুমাহে কাৰাবাস খাটি থকা বৰ্ষাশ্ৰীৰ মাকে ছাত্ৰীগৰাকীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনালে চৰকাৰক (Parents of Barshashree Burhagohain urge to grant bail her) ৷

টীয়কৰ জাঁজী নৈৰ পাৰৰ এটা সাধাৰণ পৰিয়াল একমাত্ৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ একমাত্ৰ কন্যা বৰ্ষাশ্ৰীয়ে মেট্ৰিকত টীয়কৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত দুটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল (Barshashree Burhagohain Facebook post)।

‘‘আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি তাইক মুক্তি দিয়ক’’: বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ

সেয়ে উচ্চ শিক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে যোৰহাটৰ দেবীচৰণ ছোৱালী মহাবিদ্যালয়ত অংক বিষয়ত নাম ভৰ্তি কৰাইছিল । বৰ্তমান বৰ্ষাশ্ৰী স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী । বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ সামাজিকভাৱেও যথেষ্ট সক্ৰিয় বৰ্ষাশ্ৰীয়ে বিভিন্ন সময়ত ৰাজ্য তথা দেশৰ সমস্যা, জাতীয় সমস্যাৰ সন্দৰ্ভত লিখা-মেলা কৰি আহিছিল । শেহতীয়াকৈ এটা লেখনিৰ বাবে মেধাৱী ছাত্ৰীগৰাকীক প্ৰায় দুমাহ দিন কাৰাগাৰত বন্দী কৰি ৰাখিছে । যাক লৈ এতিয়া সামাজিক মাধ্যম তথা অসমৰ বিজ্ঞ সমাজে অসম আৰক্ষীক সমালোচনা কৰা পৰিলক্ষিত হৈছে (Barshashree Burhagohain Facebook post controversy)।

যোৱা 8 এপ্ৰিলত বৰ্ষাশ্ৰীয়ে এটা পোষ্ট কৰিছিল ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ সেই পোষ্টটোৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক যোৱা 18 মে’ত গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ ইফালে অহা ১৬ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ পৰীক্ষা । সেয়ে সকলোৱে এইগৰাকী ছাত্ৰীক অনতি পলমে মুক্তি দি পৰীক্ষাত বহিব পৰাৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ সজোৰে আহ্বান জনাইছে ।

বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰি ঘৰতো এতিয়া শোকাকুল পৰিবেশ । দুটা মাহে জীয়ৰীৰ অপেক্ষাত চিন্তিত হৈ পৰিছে নিৰুপায় পিতৃ-মাতৃ ৷ চকুলো টোকাৰ বাহিৰে যেন একোৱেই উপায় নাই তেওঁলোকৰ । মৰমৰ জীক ৰাষ্ট্ৰদ্ৰোহী সজোৱা ঘটনাক কোনো কাৰণতে স্বীকাৰ কৰিব পৰা নাই পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গই । কিন্তু কাৰ কথা কোনে শুনিব । সেয়ে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱন নষ্ট নকৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: Barshashree in Jail: এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.