নিউজ ডেস্ক, 21 মাৰ্চ : সমগ্ৰ দেশতে কৰ'ণা ভাইৰাছক লৈ আতংক অব্যাহত থকাৰ সময়তে অসমটো এগৰাকী ৰোগী এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ অসমৰ যোৰহাট জিলাত এটি শিশু এই ৰোগত আক্ৰান্ত হোৱা সন্দেহ প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ বিগত 19 মাৰ্চত বিহাৰৰ পৰা অসমলৈ আহিছিল ৰোগীগৰাকীৰ পৰিয়ালটো ৷ ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা ৰোগীগৰাকী এটি 4.5 বছৰীয়া শিশু বুলি জিলা উপায়ুক্তই প্ৰকাশ কৰিছে ৷ ইতিমধ্যে শিশুটোৰ পৰীক্ষণৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু লাহোৱালস্থিত ভাৰতীয় স্বাস্থ্য গৱেষণা কাউন্সিলৰ উন্নত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ বিগত 20 মাৰ্চত শিশুটোৰ লগতে তেওঁৰ পৰিয়ালটোক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ইতিমধ্যে শিশুটোৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে সংস্পৰ্শলৈ অহা সকলোকে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ আনহাতে অহাকালিলৈ শিশুটোৰ সম্পূৰ্ণ প্ৰতিবেদন আহি পোৱাৰ পিচতহে গম পোৱা যাব যে, শিশুটো কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে নে নাই ৷
কোভিড-19 : অসমত এজন আক্ৰান্তৰ সন্দেহ - One positive result in JMCH lab
অসমত এগৰাকী ৰোগীক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ৷ বিগত 19 মাৰ্চত বিহাৰৰ পৰা আহিছিল ৰোগীগৰাকীৰ পৰিয়ালটো ৷