ETV Bharat / city

কৰ'ণা ভাইৰাছ : যোৰহাটত ধোঁৱা চাঙত যুগ্ম-অযুগ্ম নীতি ! - কৰ'ণা ভাইৰাছ : যোৰহাটত ধোঁৱা চাঙত যুগ্ম-অযুগ্ম নীতি !

ক্ৰমাৎ ভয়ংকৰ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে যোৰহাটবাসী । যোৰহাট জিলাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য । চৰকাৰী নীতি নিয়ম অমান্য সৰ্ব-সাধাৰণ ৰাইজৰ । জিলাখনত ধোঁৱা-চাঙত পৰিণত হৈছে যুগ্ম-অযুগ্ম নীতি ।

কৰ'ণা ভাইৰাছ : যোৰহাটত ধোঁৱা চাঙত যুগ্ম-অযুগ্ম নীতি !

author img

By

Published : Jun 19, 2020, 7:19 PM IST

যোৰহাট, 19 জুনঃ দেশ তথা ৰাজ্য়ত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা দিনক-দিনে বৃদ্ধি পাই আহিছে যদিও যোৰহাট জিলাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ।

কৰ'ণা ভাইৰাছ : যোৰহাটত ধোঁৱা চাঙত যুগ্ম-অযুগ্ম নীতি !

কৰ'ণা সংক্ৰমণ জিলাখনত যাতে বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যোৰহাট জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়তে চহৰখনত সকলো ধৰণৰ বাহন চলাচল কৰা ক্ষেত্ৰত বান্ধি দিছিল কিছু নীতি-নিয়ম । যুগ্ম আৰু অযুগ্ম সংখ্যা হিচাপে ভাগ কৰি সপ্তাহত তিনি দিন যুগ্ম আৰু বাকী তিনি দিন অযুগ্ম সংখ্যাৰ বাহনে চলাচলৰ অনুমতি প্ৰদান কৰি বান্ধি দিছিল নিয়ম ।

কিন্তু আনলক্ 1.0 ৰ হোৱাৰ পিছতেই যেন চৰকাৰী নীতি-নিয়ম অমান্য সৰ্বসাধাৰণ ৰাইজৰ । আনকি ধোঁৱা-চাঙত পৰিণত হৈছে যুগ্ম-অযুগ্ম নীতি । এতিয়া যোৰহাট চহৰখনত অবাধে চলাচল কৰি আছে যুগ্ম-অযুগ্ম সংখ্যাৰ বিভিন্ন বাহন ।

এতিয়া প্ৰশ্ন হৈছে সময় বাগৰাৰ লগে লগে শিথিল হৈ পৰিছে নেকি চৰকাৰী নীতি নিয়ম সমূহ ? নে চৰকাৰী বিভাগৰ হেমাহিৰ ফলত নীতি নিয়ম সমূহ চলাই নিয়াত এই অসুবিধা সৃষ্টি হৈছে । কিন্তু এনে পৰিস্থিতিয়ে অনাগত দিনত যে যোৰহাটত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে তাক মুঠেই নুই কৰিব নোৱাৰি । যাৰ বাবে ৰাইজকো অধিক সজাগ হোৱাৰ আহ্বান জনাইছে একাংশ সচেতন মহলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.