যোৰহাট, 18 ডিচেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্যসূচী ৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ভাৰতীয় সেনাবাহিনীৰ সহযোগত সংযোজন কৰা হয় এনচিচি ৷ এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় সেনাবাহিনীৰ বিষয়া ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰাৰ লগতে ভাৰতীয় বায়ুসেনাৰ কেবাগৰাকীও শীৰ্ষ বিষয়া ৷
এনচিচিৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভাৰতীয় সেনা বাহিনীৰ লগতে বিভিন্ন অৰ্ধসামৰিক বাহিনীত বিষয়া হিচাপে নিযুক্তি পোৱাত সুবিধা হ'ব ৷
অসম কৃষি বিশ্ব বিদ্যালয়ত এনচিচিৰ এই ব্যৱস্থাৰ পৰা আশাপদ ফল পাব বুলি আশা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দ্ৰ ডেকাই । যোৰহাটস্থিত এনচিচি গ্ৰুপ হেডকোৱাৰ্টাৰৰ পৰা 51 আছাম এয়াৰ স্কোৱাড্ৰণৰ এনচিচি গোটটো বিশ্ববিদ্যালয়ত সংযোগ কৰা হয় ৷
উল্লেখ যে পূৰ্বতে এনচিচিৰ ব্যৱস্থা বিশ্ববিদ্যালয়খনত আছিল যদিও বহু বছৰ ধৰি বন্ধ হৈ আছিল । কিন্তু এই বৰ্ষত পুনৰ নতুনকৈ আৰম্ভণি য়ে ছাত্র-ছাত্ৰী সকলক উপকৃত কৰিব ।
লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি