ETV Bharat / city

চৰকাৰলৈ অনুৰোধ বিধায়ক ৰূপজ্যোতিৰ... - মৰিয়নী

মৰিয়নীৰ বিধায়কে প্ৰায় 25 কিঃ মিঃৰ পথ চাইকেলৰ গৈ 12 টা দাবী সন্মিলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক ৷

MLA Rupjyoti Kurmi Appeal To Govt For Public in Jorhat
চেলফি ভিডিঅ'ৰ জড়িয়তে চৰকাৰলৈ অনুৰোধ বিধায়ক ৰূপজ্যোতিৰ
author img

By

Published : Jul 30, 2020, 4:59 PM IST

মৰিয়নী, 30 জুলাইঃ মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ চাইকেল চলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে চেলফি ভিডিঅ'ৰ জৰিয়তে চৰকাৰৰ ওচৰত কেইবাটাও দাবী তোলে বিধায়ক গৰাকীয়ে ।

চেলফি ভিডিঅ'ৰ জড়িয়তে চৰকাৰলৈ অনুৰোধ বিধায়ক ৰূপজ্যোতিৰ

সততে সংবাদ শিৰোনাম দখল কৰা মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ পুনৰ চাইকেল চলাই তুলিলে চেলফি ভিডিঅ' । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ চেলফি ভিডিঅৰ জড়িয়তে চৰকাৰলৈ বানপানীৰ সমস্যা,চাহ জনগোষ্ঠীৰ শিক্ষাৰ সমস্যা,বিত্ত সমস্যাকে ধৰি কেইাবাটাও জলন্ত সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনায়। সততে চাইকেল চলাই প্ৰতিবাদ কৰি অহা ৰূপজ্যোতিয়ে এইবাৰ চাইকেল চলাই গ'ল বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বাসভৱনলৈ । বিধায়ক গৰাকীয়ে লগত নিছে কৰ'ণা মহামাৰীৰ সুযোগলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত কৰা অন্যায়ৰ বিৰুদ্ধে কৰা হস্তক্ষেপ বিচাৰি আবেদন জনায়। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অসমৰ ৰাইজক কৰা অন্যায়ৰ ওপৰত উচিত বিচাৰ বিচাৰি 12 টা দাবী সন্মিলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে অধ্যক্ষ গৰাকীক। মৰিয়নীৰ নগৰৰ পৰা প্ৰায় 25 কিঃ মিঃৰ পথ চাইকেলৰ গৈ থকা সময়ত তৈয়াৰ কৰিলে চেলফি ভিডিঅ' । এই ভিডিঅ ৰ জৰিয়তে নিজৰ দাবী সমূহ এটা এটা কৈ কৈ গ'ল বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক- ৰাইজৰ প্ৰশ্ন বাণত বিপাঙত পৰিল সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.