ETV Bharat / city

কাইলৈ কাতি বিহুঃ পৰম্পৰাগত ৰীতি নীতিৰে পথাৰত জ্বলিব আকাশ বন্তী - বাক্সা

কাইলৈ কাতি বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে কঙালীক আদৰাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ৷ এই সম্পৰ্কত চাওক এই বিশেষ প্ৰতিবেদন ৷

কাইলৈ কাতি বিহুঃ পৰম্পৰাগত ৰীতি নীতিৰে পথাৰত জ্বলিব আকাশ বন্তী
author img

By

Published : Oct 18, 2019, 1:25 AM IST

Updated : Oct 18, 2019, 1:35 AM IST

নিউজ ডেস্ক,17 অক্টোবৰঃ পথাৰে পথাৰে বিয়পি পৰিছে এতিয়া সজল ধৰা ধানৰ সোণালী আভা ৷ আমোলমোল শেৱালীৰ গোন্ধই সকলোৰে মন-প্ৰাণ কৰি তুলিছে মতলীয়া ৷ ঠিক এনে এক প্ৰাণোৎজ্জ্বল পৰিবেশৰ মাজতে আকৌ আহিল অসমীয়াৰ অতি হেঁপাহৰ উৎসৱ কাতি বিহু । কাইলৈ অসমীয়া বাপতি সাহোন কাতি বিহু । চহা জীৱনৰ লগত কাতি বিহুৰ আছে এক নিবিড় সম্পৰ্ক । যাৰ বাবে কৃষিজীৱি কৃষক সকল সাজু হৈছে কাতি বিহু উৎযাপন কৰিবলৈ । পিছপৰি থকা নাই গৃহিণী সকলো । গাঁৱৰ জীয়ৰী বোৱাৰী সকলে তুলসী তল চাফ-চিকুণ কৰি বোকা পানীৰে মুচি সজাই পৰাই তুলিছে । সাজু হৈছে পথাৰত আকাশ বন্তি জ্বলাবলৈ । এইয়া নগাঁৱৰ বটদ্ৰৱাৰ দৃশ্য ৷
একেদৰে টীয়কটো চলিছে কঙালীক আদৰাৰ প্ৰস্তুতি ৷ ধাননি ডৰাত কৃষকে জ্বলাব আকাশ বন্তি যাতে পোক পৰুৱাই উপদ্ৰৱ নহয়। সেয়ে এতিয়া ব্যস্ততাৰ অন্ত নাই কুমাৰ সকলৰো । টীয়কৰ ধৰ্মেন্দ,জিতেন্দ্ৰহঁতে নিৰ্মাণ কৰিছে বিভিন্ন ধৰণৰ মাটি চাকি।

কাইলৈ কাতি বিহুঃ পৰম্পৰাগত ৰীতি নীতিৰে পথাৰত জ্বলিব আকাশ বন্তী

ইফালে বাইহাটা চাৰিআলিৰ খেহেনীপাৰা গাৱৰ ঐতিহাসিক মৃত শিল্পীসকলৰ ব্যস্ততাৰ যেন আহৰি নাই ৷ খেহেনীপাৰা মৃতশিল্পীগাঁওত থকা ৯০টা মৃতশিল্পীৰ পৰিয়াল মাটিৰ চাকি প্ৰস্তুত কৰাত ৷ শিশুৰ পৰা জীয়ৰী বোৱাৰী বৃদ্ধ বৃদ্ধালৈকে সকলোৱে কামত সহায় কৰাত উঠিপৰি লাগিছে ৷

কঙালীক আদৰাৰ সকলো প্ৰস্তুতি সম্পন্ন

আহিনৰ সেউজীয়া সোণালী পথাৰত লক্ষ্মী দেৱীক আদৰিবলৈ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ বিনোৱাপুৰৰ ১৫টা পাল পৰিয়ালৰ মাজত ব্যাপক ব্যস্ততা । কাইলৈ কাতি বিহু আৰু সমাগত দিপাৱলী সেয়ে মৃত শিল্পী সকলৰো ব্যস্ততাৰ অন্ত নাই ৷

ইয়াৰ বিপৰীতে চহা ৰাইজৰ আশাৰ বতৰা কঢ়িয়াই অনা কাতি বিহুৰ দিনা লখিমীৰে ভৰা যোৰহাটৰ পথাৰত নজ্বললে বন্তি । ভোগৰ ভোগালী স্বৰূপ বিখ্যাত তথা ঐতিহাসিক মালৌ পথাৰত নজ্বললে বন্তি । ভোগালী মালৌপথাৰত এতিয়া কঙালীৰ কিৰিলি ।

Intro:Body:Conclusion:
Last Updated : Oct 18, 2019, 1:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.