যোৰহাট,১৩মাৰ্চ: প্ৰতিবন্ধকতাক নেওচি সেউজ বিপ্লবেৰে স্বাৱলম্বন হোৱা এগৰাকী বিশেষ যুৱতী । যোৰহাটৰ বিশেষ ভাবে সক্ষম এই যুৱতীগৰাকীৰ নাম সুশীলা মহাতু । জন্মসূত্ৰে এখন হাত হেৰুৱা সুশীলাই আৰম্ভ কৰিছে সেউজ বিপ্লব । যাৰ বাবে ৬ জনীয়া পৰিয়ালটোক আৰ্থিক ভাবে সকাহ দিবলৈ সক্ষম হৈছে সুশীলাই । উল্লেখ্য যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সুশীলাই পৰিয়ালটোক আৰ্থিক সকাহ দিবৰ বাবে কৰ্মৰত হ'বলগীয়া হৈছিল এটা প্ৰেছত আৰু এদিন নিজৰ কৰ্মস্থানলৈ যাওতেই লগ পাইছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ইৰচাড আলীক । পাচত আলিৰ তত্বাবধানতে সুশীলাই ঘৰৰ অতি কম মাটিতেই আৰম্ভ কৰে ফুল আৰু শাক পাচলিৰ খেতি । বৰ্তমান সুশীলাই ৩ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছে বতৰৰ শাক-পাচলিৰ লগতে ফুলৰ খেতি ।
কৃষিভূমিত ফুলিছে এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীৰ জীৱন - সেউজ বিপ্লব
৩ বিঘা মাটি ভাড়ালৈ আৰম্ভ কৰিছে শাক-পাচলিৰ লগতে ফুলৰ খেতি
যোৰহাট,১৩মাৰ্চ: প্ৰতিবন্ধকতাক নেওচি সেউজ বিপ্লবেৰে স্বাৱলম্বন হোৱা এগৰাকী বিশেষ যুৱতী । যোৰহাটৰ বিশেষ ভাবে সক্ষম এই যুৱতীগৰাকীৰ নাম সুশীলা মহাতু । জন্মসূত্ৰে এখন হাত হেৰুৱা সুশীলাই আৰম্ভ কৰিছে সেউজ বিপ্লব । যাৰ বাবে ৬ জনীয়া পৰিয়ালটোক আৰ্থিক ভাবে সকাহ দিবলৈ সক্ষম হৈছে সুশীলাই । উল্লেখ্য যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সুশীলাই পৰিয়ালটোক আৰ্থিক সকাহ দিবৰ বাবে কৰ্মৰত হ'বলগীয়া হৈছিল এটা প্ৰেছত আৰু এদিন নিজৰ কৰ্মস্থানলৈ যাওতেই লগ পাইছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ইৰচাড আলীক । পাচত আলিৰ তত্বাবধানতে সুশীলাই ঘৰৰ অতি কম মাটিতেই আৰম্ভ কৰে ফুল আৰু শাক পাচলিৰ খেতি । বৰ্তমান সুশীলাই ৩ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছে বতৰৰ শাক-পাচলিৰ লগতে ফুলৰ খেতি ।
প্ৰতিবন্ধকতাই হাৰ মনাব নোৱাৰা এগৰাকী যূৱতীৰ অকথ্য কাহিনী।।
ছোৱালীজনীৰ নাম সুশীলা মহাতু। অদম্য ইচ্ছা শক্তিৰ যেন এটা প্ৰতিক। সুশীলা আপুনি মই ভবাৰ দৰে সাধাৰণ ছোৱালী নহয়। বিশেষ ভাবে সক্ষম সুশীলা। কিন্তু বিশেষ ভাবে সক্ষম হোৱাৰ পিছতো কিন্তু জীৱন যুঁজত হাৰ মনা নাই সুশীলাই। কৃষি কাৰ্য্যক নিজৰ সাৰথি ৰূপে লৈ সুশীলাই যেন জেহাদ ঘোষণা কৰিছে সমগ্ৰ বিশ্বৰ বিৰুদ্ধে। হৈ পৰিছে বহুতৰ বাবে এক উৎকৃষ্ট নিদৰ্শন। জন্মসূত্রে এখন হাত হেৰুৱা সুশীলাই আৰম্ভ কৰিছে সেউজ বিপ্লব। ৬ জনীয়া পৰিয়ালটোক আৰ্থিক ভাবে সকাহ দিবলৈ সক্ষম হৈছে সুশীলাই। কাকতিয়াল ভাবে আৰম্ভ হৈছিল সুশীলাৰ জীৱন গাঁথা। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সুশীলাই পৰিয়ালটোক অকনমান আৰ্থিক সকাহ দিবৰ বাবে কৰ্মৰত হব লগা হৈছিল এটা প্ৰেছত আৰু এদিন নিজৰ কৰ্মস্থানলৈ যাওতে লগ পায় যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ইৰচাড আলীক। আলিৰ তত্বাবধানত সুশীলাই ঘৰৰ অতি কম মাটিতেই আৰম্ভ কৰে ফুল আৰু শাক পাচলিৰ খেতি। সেইয়া আৰম্ভনি। শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি অদম্য হেপাহেৰে সুশীলাই কৰি গ'ল কৃষি কৰ্ম। সাম্প্রতিক সুশীলাই ৩ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছে বতৰৰ শাক পাচলিৰ লগতে ফুলৰ খেতি।