ETV Bharat / city

Jorhat Municipality : Best Self- Sustainable Cityৰ সন্মান যোৰহাট পৌৰসভালৈ

author img

By

Published : Nov 21, 2021, 10:40 AM IST

যোৰহাট পৌৰসভালৈ (Jorhat Municipality) ‘Best Self-Sustainable City’ ৰ সন্মান ৷ স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ৯ খন পৌৰসভালৈ আগবঢ়োৱা হৈছে এই বঁটা ৷

best-self-sustainable-city-honoured-in-jorhat-municipality
যোৰহাট পৌৰসভালৈ Best Self- Sustainable Cityৰ সন্মান

যোৰহাট, 21 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ৯ খন পৌৰসভালৈ আগবঢ়াইছে ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা (Swachh Survekshan Awards 2021) ৷ ৯ খন পৌৰসভাৰ ভিতৰত যোৰহাট পৌৰসভালৈও (Jorhat Municipality) ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শ্ৰেণীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আগবঢ়োৱা হয় ‘Best Self-Sustainable City’ৰ সন্মান ৷

Best-self-sustainable-city-honoured-in-jorhat-municipality

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন ৮ খন পৌৰসভাৰ লগতে যোৰহাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া আকাশী দুৱৰাই গ্ৰহণ কৰে এই বঁটা । লগতে এই অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া অঞ্জন কুমাৰ চক্ৰৱৰ্তী ৷

উল্লেখযোগ্য যে, ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শ্ৰেণীত যোৰহাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ‘Best Self-Sustainable City’ হিচাপে লাভ কৰে প্ৰথম স্থান ।

Best Self- Sustainable City honoured in Jorhat municipality

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নেতৃত্বত লাভ কৰা এনে সফলতাৰ বাবে জিলা প্ৰশাসন আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলাবাসীয়ে আনন্দ লাভ কৰে ৷ জিলা উপায়ুক্ত গৰাকীয়ে যোৰহাট নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগীতাৰ বাবে যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিত ভাৰতীয় সেনাৰ চাইকেল বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.